NORTHEAST NOW (Assamese)

মেঘালয় নিৰ্বাচনৰ দিন নিৰ্ধাৰণৰ বাবে ১ জানুৱাৰীত আলোচনাত বহিব ভাৰতীয় নিৰ্বাচন আয়োগ

December 29, 2017 9:06 am · এন ই নাও নিউজ

ভাৰতীয় নিৰ্বাচন আয়োগে আসন্ন মেঘালয় নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ উদ্দেশ্যে ২০১৮ চনৰ পহিলা জানুৱাৰীত এখন আলোচনাত মিলিত হ’ব। দিল্লীৰ পৰা এজন নিৰ্বাচনী বিষয়াই জনোৱা অনুসৰি এতিয়ালৈ নিৰ্বাচনৰ দিন সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। কিন্তু ২০১৮ৰ এক জানুৱাৰীত হ’ব লগীয়া আলোচনাত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ পূৰ্ণ সম্ভাৱণা আছে বুলি বিষয়া জনে কয়।

লক্ষণীয় যে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন জানুৱাৰীৰ প্ৰথম বা দ্বিতীয় ভাগত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱণা আছে। জানুৱাৰীৰ প্ৰথম বা দ্বিতীয় ভাগত নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ’লে ৰাষ্ট্ৰীয় দল সমুহে গভীৰ সংকটত পৰিব। কিয়নো ৰাষ্ট্ৰীয় দল সমুহে এতিয়ালৈ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই। বৰ্তমান পৰ্যন্ত কংগ্ৰেছ আৰু বিজেপি দুয়োটা ৰাজনৈতিক দলে বিভিন্ন কাৰণৰ বাবে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিব নোৱাৰাত দলীয় কৰ্মীসকল নিৰুৎসাহী হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি ৰাজ্যখনৰ বাকী ৰাজনৈতিক দল অৰ্থাৎ এন পি পি, ইউ ডি পি- এইছ এছ পি ডি পি, পি ডি এফ আৰু কে এইছ এন এ এমে ইতিমধ্যে নিজৰ নিজৰ অধিকাংশ প্ৰতিনিধিৰ তালিকা ঘোষণা কৰিছে।

আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে মেঘালয়লৈ নতুন বছৰৰ ৬ তাৰিখে নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব। তেওঁৰ এই ভ্ৰমণসূচীৰ কাৰ্য হিচাপে পশ্চিম গাৰো পাহাৰত আয়োজিত এখন জনসভাত অংশ ল’ব আৰু সন্ধিয়া চিলঙত বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব, বুলি বিজেপিৰ এজন নেতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related News