NORTHEAST NOW (Assamese)

মেঘালয় বিধানসভাৰ আঠজন বিধায়কে অহা শুকুৰবাৰে পদত্যাগ কৰিব

December 28, 2017 8:19 pm · এন ই নাও নিউজ

নিৰ্বাচন অভিমুখী মেঘালয়ৰ ৰাজনৈতিক পৰিৱেশক নতুন মোৰ দি পাঁচজন কংগ্ৰেছ বিধায়ককে ধৰি মুঠ আঠজন বিধায়কে মেঘালয় বিধানসভাৰ পৰা অহা শুকুৰবাৰে পদত্যাগ কৰিব। তেওঁলোকে এন পি পি (নেশ্যনেল পীপলছ পাৰ্টি) দলত  যোগাদান কৰাৰ বাট মুকলি কৰিবৰ বাবেই এই পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি এটা সূত্ৰই কয়। অৱশ্যে তেওঁলোকে এন পি পিত যোগদান পূৰ্বে নিশ্চিত কৰিছিল। ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ ৰ’ৱেল লিংডো (মাওকিৰৱাট সমষ্টি), প্ৰে’ষ্টন টাইচং (পিনাৰ্ছলা সমষ্টি), স্নিয়াভলাং ধাৰ (নাৰ্টিয়াং আঁচনি), গেইটলাং ধাৰ (উমৰৈ সমষ্টি), কমিংগোন য়ামবোন (ৰালিয়াং সমষ্টি) আৰু নিৰ্দলীয় ষ্টিফেনশ্যন মুখিম (আমলাৰেম সমষ্টি) আৰু হ’পফুল বেমন ছুটংগা-ছাইপুং সমষ্টি) আৰু য়ু ডি পিৰ ৰেমিংটন পিংগ্ৰ’প (মাওকিনৰিউ সমষ্টি)।

ৰালিয়াং সমষ্টিৰ কমিংগোন য়ামবোনে বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয় যে তেওঁ আন সাতজন বিধায়কৰ সৈতে পদত্যাগ পত্ৰ অধ্যক্ষ এ টি মণ্ডলক কাইলৈ পুৱা ১১ বজাত দাখিল কৰিব। অহা ৪ জানুৱাৰিত হ’ব লগা এক বৃহৎ সমাৱেশত তেওঁলোকে নতুন দলটোত যোগদান কৰাৰ কথা।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মৌছিনৰাম বিধানসভা সমষ্টিৰ নিলম্বিত কংগ্ৰেছী বিধায়ক পি এন ছিয়ামে বিধানসভাৰ পৰা পদত্যাগ কৰি  পি ডি এফ (পীপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট)ত যোগদান কৰিছিল।

এইখিনিতে ক’ব পাৰি যে মুখ্য মন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বৰ প্ৰতি বিতুষ্ট হৈ বিসম্বাদ প্ৰদৰ্শন কৰা বিধায়কসকলে এইবাৰ দলটোৰ পৰা টিকট নোপোৱাৰ সম্ভাৱনা প্ৰকট হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নতুন ৰাজনৈতিক বিকল্পৰ সন্ধানত আছে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ ত্যাগ কৰা বেছিভাগ বিধায়কে পি এ চাংমাৰ নেতৃত্বত জন্ম লাভ কৰা এন পি পি যোগদান কৰিছে। এন পি পি  হ’ল বিজেপিৰ এটা মিত্ৰ দল।

Related News