মেঘালয় বিধানসভাৰ পিছত নাগালেণ্ড বিধানসভাতো হিন্দীত ভাষণ দিয়াৰ প্ৰতিবাদ

Nagaland Assembly proceedings

 

কিছু দিন পূৰ্বে মেঘালয় বিধানসভাত ৰাজ্যপালে হিন্দীত ভাষণ দিয়া কাৰ্য্যৰ ৰাজ্যখনৰ কিছু সংখ্যক বিধায়ক প্ৰতিবাদ কৰাৰ পিছত প্ৰায় অনুৰূপ ঘটনা ঘটিছে নাগালেণ্ড বিধানসভাৰ মজিয়াতো।

জানিব পৰামতে ৰাজ্যখনৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ মন্ত্ৰী তথা বিজেপিৰ বিধায়ক টেমজেন ইমনা আলঙে ৰাজ্যপালৰ ভাষণ বিতৰ্কত ভাগ লওঁতে হিন্দীত বক্তব্য আগ বঢ়াইছিল। লগে লগে ইয়াৰ প্ৰতিবাদ জনায় বিৰোধী দল এন পি এফৰ বিধায়কসকলে।

তেওঁলোকে নিজৰ আপত্তিৰ সপক্ষে তথ্যসহ যুক্তি দি কয় যে Rules of Procedure and Conduct of Business in Nagaland Legislative Assembly ৰ ২৮ নং দফাত স্পষ্টকৈ উল্লেখ আছে যে বিধানসভাৰ কাম-কাজ ইংৰাজী অথবা নাগামিজতহ হ’ব লাগিব। (The Business of the Assembly shall be transacted in English or in Naga-Assamese)

এই বিধিমতে, যদি কোনো সদস্যই এই দুটা ভাষাত ক’ব নোৱাৰে তেন্তে তেওঁ নিজৰ মাতৃভাষাতে ক’ব পাৰিব, যিটোৰ ক্ষেত্ৰত তেওঁ আগতীয়াকৈ নিজৰ বক্তব্যৰ এটা ইংৰাজী প্ৰতিলিপি সচিবক দিব লাগিব।

উল্লেখযোগ্য যে আলঙে আজি হিন্দীত কথা ক’বৰ বাবে অধ্যক্ষৰ অনুমতি বিচাৰিছিল আৰু অধ্যক্ষই তাত সন্মতি দিছিল। অৱশ্যে কেইছেকেণ্ডমানৰ পিছতে মন্ত্ৰীজনে ইংৰাজী ভাষণ আৰম্ভ কৰিছিল।

উল্লেখযোগ্য যে নাগালেণ্ডত এসময়ত নাগামীজ সমগ্ৰ ৰাজ্যৰে সংযোগী ভাষা আছিল। নাগামীজ হ’ল অসমীয়া আৰু নাগাসকলৰ মুখৰ ভাষাৰ মিশ্ৰণত গঢ় লৈ উঠা এটা পিডজিন (pidgin) । প্ৰায় ৩০-৪০টা পাৰস্পৰিক সম্পৰ্ক নথকা মৌখিক ভাষা কোৱা নাগাসকলৰ মাজত নাগামীজ বেছ জনপ্ৰিয় আছিল। এই নাগামীজ আনকি তেওঁলোকৰ বিধানসভাৰো ভাষা আছিল বা এতিয়াও চৰকাৰীভাৱে তাৰ স্বীকৃতি আছে। ইংৰাজীও তেওঁলোকৰ মাজত চলে যদিও সাধাৰণ লোকে ইংৰাজী নজনা বাবে নাগামীজক আদৰি লোৱা দেখা যায়। আনকি ম্যানমাৰৰ সীমান্তত থকা নাগাসকলৰ মাজতো নাগামীজৰ প্ৰচলন আছে।

মন কৰিব লগীয়া কথাটো হ’ল বিজেপিৰ ৰাজনৈতিক উত্থানৰ সৈতে নাগামীজ আদি ভাষাবোৰৰ প্ৰতি ভাবুকিও অহা দেখা গৈছে। মেঘালয় বিধানসভাত তাৰ ৰাজ্যপাল গংগা প্ৰসাদে হিন্দীত ভাষণ দিয়াৰ (যিটো প্ৰথম দৃষ্টান্ত আছিল) নাগালেণ্ডতো বিজেপিৰ বিধায়কে হিন্দীত ভাষণ দিয়াটোৱে তাৎপৰ্য্য বহন কৰিছে। উল্লেখ কৰিব পাৰি যে নাগালেণ্ডতো বিধানসভাৰ মজিয়াত হিন্দীত ভাষণ দিয়াৰ উদাহৰণ এয়ে প্ৰথম।