আগন্তুক মেঘালয় বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় নেতাৰ দ্বাৰা প্ৰচাৰত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তাৰে অংশস্বৰূপে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ নলীন কোহলি মেঘালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে এতিয়া নিৰ্বাচনী বতাহ কংগ্ৰেছৰ বিপৰীতে গৈছে। কংগ্ৰেছৰ বিপৰীতে যোৱা এই নিৰ্বাচনী বতাহৰ ফলত মেঘালয়ত কংগ্ৰেছে শাসন ভাৰ হেৰুৱাব লাগিব বুলিও কেন্দ্ৰীয় মুখপাত্ৰগৰাকীয়ে ব্যক্ত কৰে। ৰাজ্যিক পৰ্যটন মন্ত্ৰী আলফনছ কানানথনমৰ লগত নলীন কোহলিয়ে বৰ্তমান মেঘালয় বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে। লগতে কেন্দ্ৰীয় মুখপাত্ৰ গৰাকীয়ে বিধান সভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাৰ উদ্দেশ্যে বিভিন্ন নেতাৰ লগত আলোচনাত মিলিত হৈছে। আনহাতে শেহতীয়াকৈ পোৱা খবৰমতে, সাম্প্ৰতিক সময়ত বহুতো কংগ্ৰেছ আৰু বিজেপিৰ নেতাই দল এৰি নেচনেল পিপ’লচ পাৰ্টীত যোগদান কৰিছে। মনকৰিবলগীয়া যে নেচনেল পিপ’লচ পাৰ্টী কেন্দ্ৰত বিজেপিৰ লগত মিত্ৰজোঁটত আছে কিন্তু মেঘালয় বিধান সভা নিৰ্বাচনত দুয়োটা দলে সুকীয়াকৈ নিৰ্বাচনী যুজত অৱৰ্তীণ হ’ব।