মেট্ৰিকত সপ্তম স্থান দখল : আমগুৰিক গৰ্বিত কৰিলে শিৱানুজ বৰকটকীয়ে

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ আমগুৰিৰ শিৱানুজ বৰকটকীয়ে সপ্তম স্থান দখল কৰি সমগ্ৰ শিৱসাগৰ জিলাৰ লগতে আমগুৰি নগৰ আৰু জন্মস্থান জৰাবাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

আমগুৰি জৰাবাৰী গাঁও নিবাসী তথা আমগুৰি পৌৰসভাৰ সহকাৰী অভিযন্তা সঞ্জীৱ বৰকটকী আৰু কমলাক্ষী বৰকটকীৰ পুত্ৰ শিৱানুজৰ এই সাফল্যত পুৱাৰ পৰা আমগুৰি নগৰত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।

আমগুৰিৰ অগ্ৰণী শিক্ষানুষ্ঠান অৰুণোদয় একাডেমীৰ ছাত্ৰ শিৱানুজে আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। শিৱানুজে ইংৰাজীত ৯৫, অসমীয়াত ৯৪, বিজ্ঞানত ৯৮, গণিত, সমাজ বিদ্যা আৰু ঐচ্ছিক  গণিতত ১০০ কৈ লাভ কৰা শিৱানুজৰ মুঠ প্ৰাপ্ত নম্বৰ হ’ল ৫৮৭।

ভৱিষ্যতে এগৰাকী অসামৰিক বিষয়া হোৱাৰ সপোন ৰচা শিৱানুজে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নামভৰ্তি  কৰিব। পঢ়াৰ নিৰ্দিষ্ট সময় নথকা শিৱানুজে ফুটবল আৰু ক্ৰিকেট খেলি ভাল পায়। তাৰোপৰি  ছাত্ৰজনে সম্প্ৰতি সমগ্ৰ ৰাজ্যতে চৰ্চিত নাগৰিক সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰে। আনহাতে ছাত্ৰজনৰ এই সাফল্যত উৎফুল্লিত হৈবিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে আৰু আমগুৰিৰ বিভিন্ন সংগঠনে চহৰৰ মাজেদি এটি সমদল উলিয়ায়।