অহা ২১ জুলাইৰ পৰা ২৫ জুলাইলৈকৈ অসমত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে আজি ৩ জুলাইত নৰ্থ ইষ্ট নাও-ক এই কথা জানিবলৈ দিয়ে।
পৰীক্ষা অনুষ্ঠিত হোৱাৰ ২০ দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব বুলিও জৈনে জানিবলৈ দিয়ে।
১২ জুলাইৰ ভিতৰত পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডসমূহ পাব।
ৰাজ্যৰ ৭২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ৪৪,২৬০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৩,২৩৯গৰাকী আৰু হাই মাদ্ৰাছাত ১,০২১গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
সৰ্বাধিক কাছাৰ জিলাৰ ১,৪৪৭ গৰাকীৰ বিপৰীতে কাৰ্বি আংলঙৰ পৰা সৰ্বনিম্ন ৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।