ম্যানমাৰৰ কেন্দ্ৰীয় শান্তি সন্মিলনলৈ এন এছ চি এন খাপলাঙক আমন্ত্ৰণ

ম্যানমাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাংলঙত হ’ব লগা কেন্দ্ৰীয় শান্তি সন্মিলন-একবিংশ শতিকাৰ তৃতীয় বৈঠকত অংশ গ্ৰহণ কৰিবৰ বাবে ম্যানমাৰৰ শান্তি সমিতিয়ে যোৱা ২৮ ডিচেম্বৰত এন এছ চি এন খাপলাঙক আমন্ত্ৰণ জনাইছে। য়েংগনৰ জাতীয় পুনৰ মিলন আৰু শান্তি কেন্দ্ৰত বৃহস্পতিবাৰে শান্তি সন্মিলন আৰু এন এছ চি এন খাপলাঙৰ এক বৈঠকৰ পিছতে সন্মিলনৰ অধ্যক্ষ ড০ টিন ম্য’ ৱিনে এন এছ চি এন খাপলাঙক উক্ত সন্মিলনলৈ আমন্ত্ৰণ জনায়। অহা মাহত হ’ব লগীয়া কেন্দ্ৰীয় শান্তি সন্মিলনত অংশ গ্ৰহণ আৰু নাগা পাৰ্বত্য অঞ্চল সমূহৰ সুস্থিৰতা আৰু উন্নয়নৰ সম্পৰ্কে উক্ত বৈঠকত দুয়ো পক্ষই আলোচনা কৰিব। উল্লেখযোগ্য যে ২০১২ চনৰ পৰা এপ্ৰিলৰ পৰা এন এছ চি এন খাপলাঙে প্ৰদেশিক পৰ্যায়ত অস্ত্ৰ বিৰতি চুক্তি স্বাক্ষৰ কৰিছে যদিও এতিয়ালৈকে ই ৰাষ্ট্ৰজোৰা অস্ত্ৰ বিৰতি চুক্তিত স্বাক্ষৰ কৰা নাই। ২০০০ চনৰ পৰা তেওঁলোকৰ তাতমাদৌ (ম্যানমাৰ সেনা) ৰ সৈতে কোনো সংঘৰ্ষ হোৱা নাই। ২০১৬ চনৰ ২ জুলাইত কেন্দ্ৰীয় শান্তি সন্মিলন-একবিংশ শতিকা পাংলং অনুষ্ঠিত কৰা সন্দৰ্ভত এন এছ চি এন খাপলাঙে আয়োজক সমিতিৰ সৈতে এক বৈঠকত মিলিত হয়। এই আয়োজক সমিতিখনৰ ওপৰতে সন্মিলখনৰ সফল ৰূপায়ণ আৰু সংশ্লিষ্ট সকলো পক্ষকে এক গোট কৰাৰ দায়িত্ব ন্যস্ত হৈছে। কেন্দ্ৰীয় শান্তি আলোচনাৰ যুটীয়া সমিতিৰ (Union Peace Dialogue Joint Committee-UPDJC) সম্পাদক উ হ্লা মং স্বে জনায়, ‘আমি তেওঁলোকক ৰাষ্ট্ৰজোৰা যুদ্ধ বিৰতি চুক্তি সন্দৰ্ভত বিবেচনা কৰাৰ বাবে অনুৰোধ কৰিছো। আমি লগতে আশা কৰিছো যে এন এছ চি এনে আহি থকা সন্মিলখনত অংশ গ্ৰহণ কৰিব।’ এন এছ চি এন খাপলাঙৰ শান্তি সমিতিৰ এজন সদস্য উ কোৱাই ৱান চেইনে জনায়, ‘আমি যোৱা এবছৰ ধৰি ইয়াত নাই। নুতন চৰকাৰক আমি এতিয়ালৈকে লগ কৰা নাই। আমি চৰকাৰৰ লগত আলোচনা কৰিব খোজা প্ৰধান কাৰণ হৈছে আমি অঞ্চলটোৰ শান্তি আৰু সুস্থিৰতা বিচাৰো। আমি দুয়ো পক্ষৰ মাজৰ সম্পৰ্ক আৰু বিশ্বাস শক্তিশালী কৰিব খোজো। আমি সিদ্ধান্ত লৈছো যে আমি শান্তি সমিতিৰ সৈতে সম্পৰ্ক স্থাপন কৰা উচিত।’ উক্ত দ্বিপাক্ষিক বৈঠকত শান্তি সমিতিৰ উপাধ্যক্ষ উ ঠেইন জ আৰু অন্যান্য সদস্য আৰু এন এছ চি এন শান্তি সমিতিৰ অধ্যক্ষ উ এন কান্ট, উ চ টিন আৰু এন এছ চি এনৰ অন্যান্য সদস্য উপস্থিত থাকে।