মৰিগাঁৱত এন আৰ চিৰ চূড়ান্ত খচৰাত সোমাল ৩৯ টা বিদেশী পৰিয়ালৰ নাম

এন আৰ চি

শেহতীয়াকৈ প্ৰকাশ পোৱা নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত মৰিগাঁৱৰ ৩৯টা বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই তথ্য বৃহস্পতিবাৰে সংবাদ মাধ্যমত সদৰি কৰে মৰিগাঁৱৰ উপায়ুক্ত তথা এন আৰ চিৰ মৰিগাঁৱৰ সমন্বয়ক হেমেন দাসে। এই  কথা সদৰি হোৱাৰ পিছতে জিলাখনৰ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আদালতে বিদেশী বুলি ৰায় দিয়া, বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা আৰু ‘ডি’ ভোটাৰৰূপে চিহ্নিত কৰা লোকসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্তিত ন্যায়ালয় আৰু এন আৰ চি কৰ্তৃপক্ষই নিৰ্দেশ দিয়াৰ পিছতো মৰিগাঁৱত এনে ধৰণৰ ৩৯টা পৰিয়ালৰ নাম কেনেকৈ অন্তৰ্ভুক্ত হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে জয়নাল আবেদিন নামৰ লোকজনৰ পাঁচজনীয়া পৰিয়ালটোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰৰপীঠে বিদেশী বুলি ৰায় দিয়াৰ পিছতো  সদ্য প্ৰকাশিত চূড়ান্ত খচৰাত তেওঁলোকৰ নাম প্ৰকাশ হৈছে।

২০১২ চনৰ ১০ ছেপ্তেম্বৰত মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে এফ টি (চি) ১৭৯/০৯ নং গোচৰত জয়নাল আবেদিনসহ তেওঁৰ পৰিয়ালৰ আনোৱাৰা বেগম (পত্নী), হাবিজুৰ ৰহমান (পুত্ৰ), দুই জীয়ৰী ক্ৰমে মিনাৰা বেগম, মস্কৰা বেগমক বিদেশী নাগৰিক বুলি ৰায় দিছিল।

ইয়াৰ পিছতে জয়নাল আবেদিনে লেখ আবেদন নং ডব্লিউ পি (চি) ৬১৬৮/ ১২ যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠত গোচৰ ৰুজু কৰাত ন্যায়ালয়ে তেওঁৰ আবেদন বাতিল কৰি মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ ৰায়কে বাহাল ৰাখে। জয়নাল আবেদিনে পুনৰ ১৩৯/১৩ নং আবেদনযোগে দুজনীয়া বিচাৰপীঠত আবেদন কৰাত সেই আবেদনো বিচাৰপীঠে খাৰিজ কৰে।

নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত জয়নাল আবেদিনৰ পৰিয়ালৰ উপৰি বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা আৰু ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত আন ৩৮টা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাত এখন বিদেশী নাগৰিকমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত ৰাইজৰ মাজত শংকাৰ সৃষ্টি হৈছে।

আনহাতে,  সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত, মৰিগাঁও জিলা জাতীয়তাবাদী  যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ললিত পাঁচনি, মৰিগাঁও জিলা আক্ৰাছুৰ সভাপতি শিৱাজী ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি যুগল কিশোৰ চৌধুৰী, গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি ইবাদুল আলী, কলিতা জনগোষ্ঠীৰ যদুমণি বৰাকে ধৰি সংগঠনসমূহৰ নেতৃবৃন্দই এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সংগঠনকেইটাৰ নেতাসকলে এখন বিদেশীমুক্ত নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত মৰিগাঁৱৰ ঘটনাটোক সহজভাৱে ল’ব পৰা নাই। তেওঁলোকে শীঘ্ৰে এক তদন্তৰ জৰিয়তে ইয়াৰ লগত জড়িত ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলিছে।