NORTHEAST NOW (Assamese)

মৰিগাঁৱৰ লাহৰীঘাটত স্বামীৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ

June 19, 2018 10:34 am · জহিৰুল ইছলাম

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত টেঙাগুৰি বালি চাপৰিত ১৭ জুনৰ নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। জানিব পৰা মতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা নিশাৰ আহাৰ গ্ৰহণ কৰি পৰিয়ালৰ লোক শুই আছিল। আৰু শুই থকা অৱস্থাতে নিশা ১২ মান বজাত হঠাৎ স্বামী হামেদ আলীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে নিজ পত্নী হাসনাৰা বেগমক।

নৃশংস হত্যাকাণ্ড সংঘটিত কৰি নিশাই নিজ ঘৰ এৰি পলায়ন কৰে অভিযুক্ত হামেদ আলীয়ে। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে লাহৰীঘাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত হামেদ আলীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে লাহৰীঘাট আৰক্ষীয়ে সোমবাৰে পুৱাৰ ভাগতে হত্যাকাৰী হামেদ আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি লাহৰীঘাট আৰক্ষীয়ে ১৬০/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি হামেদ আলীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

স্বামী-স্ত্ৰীৰ মাজৰ পাৰিবাৰিক কন্দলৰ বাবেই এনেধৰণৰ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Related News