সমগ্ৰ অসমতে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যখনৰ জাতীয় দল-সংগঠনসমূহে সৰৱ হৈ থকাৰ সময়তে সোমবাৰে নিশা যোৰহাট জিলাৰ মৰিয়নিত এজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পূৰ্বে মৰিয়নিত আটক কৰা বাংলাদেশী নাগৰিকজনক বৰ্তমান দেবেৰপাৰ আৰক্ষীয়ে জেৰা চলাই আছে।
জানিব পৰা মতে অবৈধভাৱে অসমত প্ৰৱেশ কৰা বাংলাদেশীজনৰ ঘৰ বাংলাদেশৰ ঢাকাৰ মহম্মদপুৰ জিলাত। মহম্মদ ৰুবুল নামৰ বাংলাদেশীজনে আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে বাংলাদেশৰ ছিলেট জিলা পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।
ঘটনা অনুসৰি যোৰহাট জিলাৰ মৰিয়নীৰ ভেলগুৰিৰ কেইগৰাকীমান যুৱকে সোমবাৰে নিশা সন্দেশবশত: ঘুৰি ফুৰা লোকজনক সোধা-পোছা কৰাত বাংলাদেশী লোকজনৰ প্ৰকৃত পৰিচয় ওলাই পৰে।
উল্লেখযোগ্য যে যোৱা ২৪ জুনত তিনিচুকীয়া জিলাৰ ডিৰাক সীমান্তত স্থানীয় ৰাইজে ২০ জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰি আৰক্ষীক গতাই দিছিল।
এই ঘটনাই কৰিমগঞ্জ অঞ্চলৰ এজেণ্টৰ জৰিয়তে অসম-অৰুণাচলৰ বিভিন্ন স্থানলৈ সন্দেহজনক বাংলাদেশী নাগৰিকৰ সোঁত অব্যাহত থকাৰ কথা স্পষ্ট কৰিছিল।
আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ বাবে মাত্ৰ কেইটামান দিন বাকী অৱস্থাত পুনৰ এজন বাংলাদেশী নাগৰিক আটক হোৱা ঘটনাই ৰাজ্যখনত অবৈধ নাগৰিকৰ অবাধ বিচৰণৰ দিশটোকে উন্মোচিত কৰি তুলিছে।