যাদৱপুৰ বিশ্ববিদ্যালয়ৰ খালত উদ্ধাৰ হৈছে প্ৰাক্তন ছাত্ৰৰ মৃতদেহ

যাদৱপুৰ বিশ্ববিদ্যালয় চৌহদৰ এটা খালৰ পৰা উদ্ধাৰ হৈছে এগৰাকী প্ৰাক্তন ছাত্ৰৰ মৃতদেহ।

মৃত যুৱকজনৰ নাম মহম্মদ আছিফ মণ্ডাল। যুৱক জনৰ বয়স ২৫ বছৰ। বেহালাৰ পৰ্ণাশ্ৰী অঞ্চলৰ বাসিন্দা আছিফ যাদৱপুৰৰ স্থাপত্য বিভাগৰ প্ৰাক্তন ছাত্ৰ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে বিয়লি প্ৰায় ৩:৫০ বজাত বিশ্ববিদ্যালয় চৌহদৰ এটা খালত আছিফৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ তথ্য লাভ কৰি যাদৱপুৰ থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু খালটোৰ পৰা আছিফৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীৰ মতে, হোলীৰ দিনাই দিনৰ পোহৰত কেনেদৰে এনে ঘটনা সংঘটিত হ’ল সেই বিষয়ে জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। প্ৰাথমিক তদন্ত অনুসৰি যুৱকজনৰ মৃতদেহত কোনো আঘাতৰ চিন পোৱা নাই আৰক্ষীয়ে।

এই ঘটনা সম্পৰ্কত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য চিৰঞ্জীৱ ভট্টাচাৰ্যই কয় যে, ‘এয়া এক অতি দুৰ্ভাগ্যজনক ঘটনা। যিহেতু ই আইনশৃংখলাৰ বিষয়, সেয়েহে আৰক্ষীয়ে ইয়াৰ ওপৰত চকু ৰাখিছে। কিন্তু আমিও বিষয়টো চাম।

আছিফৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।