যিকোনো প্ৰকাৰে ধৰ্ষণ মহামাৰীক প্ৰতিৰোধ কৰিবই লাগিব : যুঁজাৰু- দ্য ফাইটাৰ্ছ

JUZARU THE FIGHTERS Protest rally

জাতি, ধৰ্ম, ভাষা, গোষ্ঠীৰ উৰ্দ্ধত গৈ ধৰ্ষণৰ বিৰুদ্ধে একতাৰে মাৰবান্ধি থিয় হোৱাৰ সংকল্প গ্ৰহণ কৰি যুঁজাৰু – দ্য ফাইটাৰ্ছ নামৰ সংগঠনটোৰ কৰ্ম কৰ্তাৰ লগতে সদস্যসকলে আজি কামাখ্যা মন্দিৰ গেটৰ পৰা ভূতনাথলৈ এক প্ৰতিকী সমদল উলিওৱা পৰিলক্ষিত হয়।

অসম তথা ভাৰতবৰ্ষৰ চুকে কোণে আজি ধৰ্ষণৰ প্ৰকোপ এনেকৈ বাঢ়িছে যে ই মহামাৰীৰ ৰূপ লৈছে। সমাজত বৃদ্ধি পোৱা ঘৃণাৰ ৰাজনীতিৰ সহজ লক্ষ্য হৈ পৰিছে শিশু কন্যা মহিলা তথা বৃদ্ধাও। জাতিগত বিদ্বেষ, ধৰ্মীয় বিদ্বেষ আৰু ব্যক্তিগত শত্ৰুতা নিষ্পত্তি কৰিবলৈ প্ৰতিশোধ পূৰণ কৰিবলৈ সহজ লক্ষ্য হিচাপে দূৰ্বল শিশু আৰু নাৰীসকলক বাছি লোৱা হৈছে। এনে পৰিস্থিতিত কেৱল কঠোৰ আইন প্ৰণয়নে ধৰ্ষণ ৰোধ কৰিব নোৱাৰে। আমাক লাগিব জনসচেতনতা, ধৰ্ষণৰ বিৰুদ্ধে একতাৰে সাহসেৰে গঢ়ি তুলিব লাগিব প্ৰতিৰোধ ব্যৱস্থা আৰু দূৰ্বলীক সবল কৰাৰ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ আৰু পদক্ষেপ। এইদৰে মন্তব্য কৰে সংগঠনটোৰ নেতৃবৃন্দই।

মা কামাখ্যাৰ স্থান অসমত প্ৰতিগৰাকী নাৰী পুৰুষেই অপশক্তি প্ৰতিৰোধ কৰিবলৈ সংকল্প লোৱাটো পৰম্পৰা হোৱা উচিত বুলি যুঁজাৰু – দ্য ফাইটাৰ্ছৰ মূখ্য সমন্বয়ক জোনমণি দেৱী খাউণ্ডে বক্তব্য ৰাখে। লগতে তেওঁ কয় যে প্ৰয়োজনত মা সকলে, পিতা সকলে আত্মৰক্ষাৰ স্বাৰ্থত কাষতে পোৱা ঘৰুৱা অস্ত্ৰসমূহ তুলি লবলৈ বাধ্য হ’ব। যিকোনো প্ৰকাৰে ধৰ্ষণ মহামাৰীক প্ৰতিৰোধ কৰিবই লাগিব।

সমাজ জাগিব লাগিব, সচেতন আৰু সাহসেৰে আইনী শাস্তিৰ লগতে সামাজিক আৰু মানসিক শাস্তিও প্ৰদান কৰিব লাগিব বুলি যুঁজাৰু – দ্য ফাইটাৰ্ছৰ সদস্যসকলে বিশ্বাস কৰে।

পৰৱৰ্তী কাৰ্য্যসূচীত যুঁজাৰু – দ্য ফাইটাৰ্ছ সংগঠনে কন্যা শিশু আৰু মহিলাক শাৰিৰীক আৰু মানসিক মনোবল বৃদ্ধি কৰাৰ বাবে সমৰকলাৰ প্ৰশিক্ষণৰ আয়োজন কৰিব যাতে আত্মৰক্ষাৰ লগতে তেওঁলোকে আন আন দূৰ্বল শ্ৰেণীকো সহায় কৰিব পাৰে। এই সকলো কথা আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যুঁজাৰু-দ্য ফাইটাৰ্ছৰ মুখ্য সমন্বয়ক অধিবক্তা জোনমনি দেৱী খাউণ্ডে।