• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণ-বলাৎকাৰৰ বিৰুদ্ধে হাফলঙত বৃহৎ প্ৰতিবাদী সমদল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 21, 2018 11:28 am
20180421_094206
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ জুৰি বৃদ্ধি পাইছে ধৰ্ষণ তথা বলাৎকাৰৰ ঘটনা। ইতিমধ্যে আচিফা কাণ্ডই দেশ জোকাৰি গৈছে। আৰু আচিফাই নহয় দেশৰ বিভিন্ন প্ৰান্তত দৈনন্দিন একাধিক আচিফা ধৰ্ষণৰ বলি হৈছে। এনে সমাজ গৰ্হিত তথা ঘৃননীয় কাৰ্যৰ প্ৰতিবাদত পাৰ্বত্য ডিমা হাচাও জিলাৰ বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে। ধৰ্ষণকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবিত শনিবাৰে ৰাতিপুৱা হাফলঙৰ ৰাজপথত বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। সমদলত সহস্ৰাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ মহিলা গোটৰ সদস্যা সকলে অংশ গ্ৰহণ কৰে।

প্ৰতিবাদী সমদলৰ উদ্যোক্তা হৈছে পাৰ্বত্য জিলাৰ অগ্ৰণী মহিলা সংস্থা হাফলং লেডিছ ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন। সমদলত বিভিন্ন মহিলা সংগঠনৰ লগতে শাসক দল জিলা বিজেপি মহিলা মৰ্চা, ডিমা হাচাও মহিলা কংগ্ৰেছৰ বাহিৰেও হাফলঙৰ প্ৰতিটো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু একাংশ শিক্ষয়ত্ৰী সকলেও হাতে হাতে প্লেকাৰ্ড লৈ সমদলত অংশ লৈছে। হাফলং চিন’ড স্কুলৰ সম্মুখৰ পৰা সমদলটো ওলাই হাফলঙৰ প্ৰধান ৰাজপথ পৰিক্ৰমা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আহি সামৰণি পৰে।

Apply Now

লেডিচ ৱয়েলফেয়াৰ অৰ্গেনাইজেশ্যনৰ সাধাৰণ সচিব গোপা চৌধুৰীয়ে কয় দেশ জুৰি লাহে লাহে বৃদ্ধি পোৱা এনে ধৰ্ষণ বা বলাৎকাৰৰ ঘটনা সঁচাকৈ ছোৱালী বা মহিলা সকলৰ কাৰণে বিপদজনক হৈ উঠিছে। কাৰণ ঘনে ঘনে  হৈছে এনে ঘটনা। চৌধুৰীয়ে ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দৰে চৰম শাস্তিৰ দাবী উত্থাপন কৰে। অন্যথা এনে ঘৃননীয় ঘটনা বৃদ্ধি পাব বুলি সন্দেহ ব্যক্ত কৰে।

20180421_093208

তেওঁ লগতে কয় যে বৰ্তমান যি আইন আছে সেই আইনৰ জৰিয়তে ধৰ্ষণকাৰীক জেললৈ প্ৰেৰণ কৰা হ’লেও সহজতে কাৰাগাৰ এৰি মুক্ত আকাশৰ তলত ফুৰি থকা পৰিলক্ষিত হয়।

ডিমা হাচাও জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী পাৰ্বতী থাউচেনৰ মতে দেশত ধৰ্ষণৰ নিচিনা অপকৰ্মক নিয়ন্ত্ৰণ কৰাৰ বাবে আইনী ব্যৱস্থাৰ সংশোধনী জৰুৰী হৈ পৰিছে। কিয়নো এতিয়া কোনো ঠাইত মহিলা সুৰক্ষিত নহয়। ইমানেই নহয়, এতিয়া দেশত কণমানি সকলো সুৰক্ষিত নহয়। সেয়েহে ধৰ্ষণকাৰীৰ বিৰুদ্ধ কঠোৰ আইন প্ৰণয়ন কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় থাউচেনে।

বিশিষ্ট মহিলা সমাজকৰ্মী মেওৱা ৰিম্বাই দেবে ধৰ্ষণৰ ঘটনাক লৈ অসম আৰক্ষীক আৰু সজাগ হোৱাৰ আহ্বান জনায়। এইক্ষেত্ৰত সজাগতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মন্তব্য কৰে। কিয়নো এনে পৰিস্থিতিত মহিলা বা ছোৱালীয়ে প্ৰথমতে নিজক বচাব লাগিব আৰু এনে পৰিস্থিতিত কি কৰা উচিত সেই বিষয়েও সজাগ হোৱা দৰকাৰ।

উল্লেখযোগ্য যে, আজিৰ সমদলত হাফলঙৰ একাধিক বেচৰকাৰী সংগঠনৰ সদস্য সকলে আগভাগ লয়। আজি সমদলৰ সামৰণিৰ পিছত বিভিন্ন দল সংগঠনৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্দেশ্যে এখন স্মাৰকপত্ৰ ডিমা হাচাও জিলাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰেৰণ কৰা হয়। স্মাৰকপত্ৰখনত ধৰ্ষণকাৰী সকলৰ বিৰূদ্ধে মৃত্যুদণ্ড দিয়াৰ কথা উল্লেখ কৰাৰ লগতে ফাষ্ট ট্ৰ্যাক আদালত স্থাপনৰ দাবী জনোৱা হয়।

 

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd