NORTHEAST NOW (Assamese)

যুৱ-সম্প্ৰদায়ক সেনা বাহিনীত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব অৰুণাচলৰ ৰাজ্যপালৰ

March 13, 2018 9:18 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰই আজি ৰাজ্যখনৰ আঞ্জাও জিলাৰ ভাৰত-চীন সীমান্তত অৱস্থিত কিবিথু ভ্ৰমণ কৰে।

সহধৰ্মিণীৰ সৈতে যোৱা ৰাজ্যপাল গৰাকীয়ে অঞ্চলটোৰ স্থানীয় সম্প্ৰদায়ৰ লোক সকলৰ লগতে গাওঁ বুঢ়া, পঞ্চায়ত তথা চৰকাৰী বিষয়া আৰু ভাৰত তিবেত সীমান্ত আৰক্ষী আৰু সেনা বাহিনীৰ বিষয়াসকলক লগ ধৰে।

এই উদ্দেশ্যে আয়োজিত এখন সৈনিক সভাক সম্বোধন কৰি ৰাজ্যপাল গৰাকীয়ে সীমা সুৰক্ষাৰ লগতে স্থানীয় লোকসকলৰ কল্যাণৰ বাবে কৰি অহা বিভিন্ন কামৰ বাবে সেনা বাহিনীক প্ৰশংসা কৰে।

দেশক সৈনিকৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ সেনা বাহিনীত স্থানীয় যুৱক-যুৱতীসকলক নিয়োগ কৰগ ওপৰত গুৰুত্ব দিয়ে। এইক্ষেত্ৰত তেওঁ স্থানীয় যুৱক-যুৱতীসকলক ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে উৎসাহিত কৰিবলৈ সেনা বাহিনীৰ বিষয়াসকলক আহ্বান জনায়।

ইয়াৰ উপৰি অনুষ্ঠানটোত ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত স্থানীয় জনসাধাৰণে সেনা বাহিনীৰ লোকসকললৈ আগবঢ়োৱা আবেগিক, মানসিক আৰু ভাতৃত্বসুলভ সহযোগীতাৰ যথেষ্ট প্ৰশংসা কৰে।

Related News