সোমবাৰে ৰাজ্যখনৰ বিভিন্ন ঠাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ সমান্তৰালকৈ আজি যোৰহাট আৰু বিশ্বনাথতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে ইয়াৰ প্ৰতিবাদ জনায়।
যোৰহাটৰ পৰা দেৱজিৎ বৰুৱা :
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা কমিটিয়ে আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা জনাই চাৰি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
অৱস্থান ধৰ্মঘটটোত প্ৰতিবাদকাৰী সকলে অসমীয়া লোকৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধন বিধেয়কখনৰ বিৰোধিতা কৰি নৰেন্দ্ৰ মোদী তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গান দিয়ে।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ কমিটিৰ সভাপতি ৰিতুল পাঠকে কয় যে যদি চৰকাৰে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নকৰে তেন্তে সংগঠনটোৱে ইয়াৰ বিৰুদ্ধে আগন্তুক দিনতো প্ৰতিবাদ চলাই যাব।
তাৰোপৰি পাঠকে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অসমত প্ৰৱেশ কৰা লোকক হে ভাৰতীয় নাগৰিক বুলি গ্ৰহণ কৰিব বুলি কয়।
অৱস্থান ধৰ্মঘটৰ পিছত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ হাতত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
বিশ্বানাথৰ পৰা কাজি জেইদুল ইছলাম
আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। ধৰ্মঘট কাৰ্যসূচীত বিশ্বনাথ জিলাৰ বিভিন্ন দল-সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু বহু কেইগৰাকী সমাজ কৰ্মী উপস্থিত থাকে।
কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গান আগবঢ়ায়। লগতে প্ৰতিবাদকাৰী সকলে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা কোনো লোককে নাগৰিকত্ব দিয়াটো মানি লোৱা নহ’ব বুলি উল্লেখ কৰে।