যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনীয়া ৰক্তৰ নাটনিৰ জোৰা মাৰিবলৈ যোৰহাট কৃষি বিশ্ববিদ্যালয়ত থকা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ (জে এম চি) ব্লাড বেংক আৰু ছাত্ৰ সমাজৰ সহযোগত ৰাষ্ট্ৰীয় সেৱা আঁচনিয়ে (নেশ্যনেল চাৰ্ভিচ স্কীম) এটা ৰক্তদান শিবিৰৰ আয়োজন কৰিছে।
যোৰহাটৰ আৰক্ষী অধীক্ষক ভি নিম্বলকাৰ আৰু যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইমদাদ আলী এই শিবিৰৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।
অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কাৰ্যসূচীৰ আৰু ডি এছ ডব্লিউৰ সম্বয়ক ডি কে বৰাই আদৰণি ভাষণ প্ৰদান কৰিছিল।
যোৰাহাট চিকিৎসা মহাবিদ্যালয়ত ৰক্তৰ দীৰ্ঘদিনীয়া নাটনিৰ বিষয়টোৰ ওপৰত জোৰ দিয়া ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ছেৰমান ৰহমানে স্বেচ্ছা ৰক্তদানৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য ৰাখে।
কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ ডীন ডি কে বৰাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰসকলক ৰক্তদানৰ এই সু্ন্দৰ পৰম্পৰাটো জীয়াই ৰাখিবলৈ উদগনি দিয়ে।
ৰক্তদান শিবিৰত কৃষি বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত প্ৰত্যেকখন মহাবিদ্যালয়ৰেই প্ৰায় ২০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল, আৰু এই ৰক্তখিনি সংগ্ৰহ কৰিছিল।
ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটটোৰ কাৰ্যসূচী বিষয়া এছ বৰা শিক্ষাৰ্থীসকলক বিশেষকৈ ছাত্ৰী ৰক্তদাতাসকললৈ শলাগৰ শৰাই আগবঢ়ায়।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সাধাৰণ সম্পাদক শৰৎ চন্দ্ৰ বৰাই প্ৰীতিষা পাটগিৰী আৰু ঋতুৰাজ হাজৰিকাৰ সৈতে সমন্বয় ৰক্ষা কৰিছিল।