লখিমপুৰ জিলাত জাপানীজ এনকেফেলাইটিছৰ মহামাৰী ৰূপ

শেহতীয়াকৈ বানৰ পিছতে জাপানীজ এনকেফেলাইটিছ ৰোগে লখিমপুৰত এক ভয়াৱহ সমস্যা ৰূপে স্থানীয় ৰাইজৰ আগত দেখা দিছে।

প্ৰাপ্ত তথ্য মতে শেহতীয়াকৈ লখিমপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মহিলা, শিশুসহ চাৰি গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ মতে জিলাখনৰ ৬৩ গৰাকী ৰোগীৰ তেজৰ নমুনা পৰীক্ষা কৰাত ৩৯ গৰাকী ৰোগীৰ দেহত এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণু পোৱাৰ বিপৰীতে ২৮ গৰাকী এই জাপানীজ এনকেফেলাইটিছ ৰোগ সদৃশ ৰোগত আক্ৰান্ত হৈছে।

আনহাতে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা মিডিয়া কোষৰ মানস দাসে জনোৱা অনুসৰি এই ভয়াৱহ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৩০ গৰাকী বৰ্তমান আৰোগ্য হৈ উঠিছে। ইয়াৰ বিপৰীতে ১৩ গৰাকী লোক বৰ্তামানো চিকিৎসালয়নত এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ইফালে এই মহামীৰ ৰোগ প্ৰতিৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত সজগতা সভা আয়োজন কৰিছে।