লজ্জানত ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ, উপ পঞ্জীয়কৰ ঘৰতে উদ্ধাৰ কন্যা শিশু শ্ৰমিক

Child-labouer rescued in dibrugarh university

প্ৰতিনিধিত্বমূলক ছবি

ডিব্ৰুগড় বিশ্ববিদ্যালয় ( Dibrugarh University )ৰ চৌহদত উপ পঞ্জীয়কৰ বাসগৃহত উদ্ধাৰ হৈছে এগৰাকী কন্যা শিশু শ্ৰমিক। উপ পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ ঘৰৰ লগতে চহৰখনৰ মুঠ চাৰিটা ভিন্ন স্থানত অভিযান চলাই ডিব্ৰুগড় জিলা প্ৰশাসন, শ্ৰম বিভাগ, আৰক্ষী আৰু চাইল্ডলাইনে ১৫ এপ্ৰিলৰ সন্ধিয়া তিনিগৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰে।

পিছত উছমান আলী আৰু ইমৰান হুছেইন নামৰ আন দুগৰাকী লোকৰ ঘৰৰ পৰা এগৰাকী কন্যা আৰু এটি ল’ৰা শিশু শ্ৰমিক উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইগৰাকীক বৰ্তমান শিশুগৃহত ৰখা হৈছে।

শিশু শ্ৰমিক (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ২০১৬ৰ অধীনত তিনিওগৰাকী লোকৰ বিৰুদ্ধে শ্ৰম বিভাগে ডিব্ৰুগড় আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে।

ডিব্ৰুগড়ৰ উপায়ুক্ত লায়া মাদুৰিয়ে কয় যে শিশু শ্ৰমিক নোহোৱা কৰিবৰ বাবে জিলাখনত এনে অভিযান চলি থাকিব। তেওঁ কয় ‘ঘৰুৱা সহায়ক বা আন কামত নিয়োগ হৈ থকা শিশু শ্ৰমিকৰ বিষয়ে জনাবলৈ মই সকলোকে অনুৰোধ কৰিছো। শিশু শ্ৰমিক নোহোৱা কৰাৰ ক্ষেত্ৰত আমি ৰাইজৰ সহযোগিতা বিচাৰিছো।’

শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে শেহতীয়াকৈ জিলা প্ৰশাসনে অংগনৱাৰী কৰ্মী, সমাজকৰ্মী, এন জি অ’, গাওঁৰক্ষী বাহিনী, গাওঁবুঢ়া, স্থানীয় লোক আৰু আৰক্ষীক লৈ এটা কৰ্মবাহিনী গঠন কৰিছিল।

কিছুদিন পূৰ্বেও প্ৰশাসনে জিলাখনৰ বিভিন্ন স্থানৰ পৰা চাৰিগৰাকী শিশু শ্ৰমিক উদ্ধাৰ কৰিছিল।