শিশু শ্ৰমিক বন্ধ কৰা বাবে ডিব্ৰুগড় জিলা পুথিভঁড়ালত আজি ৪ এপ্ৰিলত এখন সজাগতা সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ চাইল্ডলাইনৰ সহযোগত আৰু ইউনিচেফ, অসমৰ কাৰিকৰী সহযোগিতাত জিলা প্ৰশাসনে এই সভাখন আয়োজন কৰিছিল।
সভাখন উদ্বোধন কৰি জিলা উপায়ুক্ত লায়া মাদুৰিয়ে সংশ্লিষ্ট সকলোৱে সন্মিলিত প্ৰচেষ্টা চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণে সমাজৰ পৰা শিশু শ্ৰমিক নোহোৱা কৰাত সহায় কৰিব বুলি মন্তব্য কৰে। শিশু শ্ৰমিক গুচুৱাৰ ক্ষেত্ৰত থকা প্ৰধান বাধাসমূহ আৰু চৰকাৰ আৰু নাগৰিক সমাজৰ ভূমিকাৰ বিষয়েও তেওঁ কয়।
সমাজৰ পৰা শিশু শ্ৰমিক গুচোৱাৰ বাবে পথৰ সন্ধান কৰাৰ বাবে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত মাদুৰিয়ে জোৰ দিয়ে।
প্ৰখ্যাত লেখক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া, আৰক্ষী অধীক্ষক গৌতম বৰা, জিলা আইনী সাহায্য কৰ্তৃপক্ষৰ সচিব ইমদাদ হুছেইন, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ চাইল্ডলাইনৰ সঞ্চালক ডঃ চিৰঞ্জীৱ কাকতী আৰু সহকাৰী শ্ৰম আয়ুক্ত কেনপাই দাসো সভাখনত উপস্থিত আছিল। শ্ৰম, আৰক্ষী, সমাজ কল্যাণ, বেচৰকাৰী সংস্থা, ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজে সভাখনত ভাগ লয় আৰু বিভিন্ন শিশু শ্ৰমিক নিষিদ্ধকৰণ আৰু নিয়ামক আইনৰ প্ৰয়োগ আৰু বৰ্তমানো সমাজত শিশু শ্ৰমিক থকাৰ কাৰণ সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰে।
শিশু শ্ৰমিক বন্ধ কৰা বাবে বিশিষ্ট ডঃ নগেন শইকীয়াই সকলোকে আহ্বান জনায়।