• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লালকিল্লাৰ দৰে ১৫ আগষ্টত তলাতল ঘৰতো পতাকা উত্তোলন কৰক চৰকাৰে, দাবী পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2018 11:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰাৰ দৰে অসমৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গণতো পতাকা উত্তোলন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে দাবী উত্থাপন কৰিছে পূৰ্বাঞ্চল তাই সাহিত্য সভাই।

’১৫ আগষ্টত ৰাষ্ট্ৰভিত্তিত দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰাৰ দৰে অসমৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গণত ৰাজ্যিক ভিত্তিত পতাকা উত্তোলন কৰাৰ ব্যৱস্থা কৰিব লাগে,‘ আজি ৫ জুলাইত এক সংবাদমেলত দাবী তাই সাহিত্য সভাৰ।

Apply Now

লালকিল্লাৰ দৰে তলাতল ঘৰো এক ঐতিহাসিক ক্ষেত্ৰ, গতিকে চৰকাৰে এই ঐতিহাসিক ক্ষেত্ৰত পতাকা উত্তোলন কৰিব লাগে বুলি সংগঠনটোৱে দাবী জনাইছে।

এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত সভাৰ উপ-সভাপতি অতুল ফুকনে কয় ‘ইংৰাজে আহোম ৰাজ্য দখল কৰাৰ ইতিহাসক স্বীকাৰ কৰি সেই সময়ৰ অসমৰ সাৰ্বভৌম নেতৃত্বক সন্মান জনোৱাৰ উদ্দেশ্যে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

উল্লেখ্য যে পূৰ্বাঞ্চল তাই আহোম সহিত্য সভাই উক্ত সংবাদমেলতে চৰকাৰৰ প্ৰতি অন্য বহুকেইটা দাবী উত্থাপন কৰে।

উক্ত সংবাদমেলতে উপ-সভাপতি ফুকনে অসম চৰকাৰে বুৰঞ্জী আৰু পুৰাতত্ব বিভাগটো ৰাজ্যিক সংগ্ৰহালয়লৈ আনিব বিচৰা কথাটোৰ বিৰোধিতা কৰাৰ লগতে তেওঁ কয় ‘ত্ৰয়োদশ শতিকাৰ দ্বিতীয় দশকৰ শেষৰভাগলৈকে অসমৰ মেটমৰা বুৰঞ্জীৰ সমল, ৰাজকীয় নথি-পত্ৰ, তামৰ ফলি, মুদ্ৰা ইত্যাদি এই বিভাগত সংৰক্ষিত হৈ আছে। ড০ সুৰ্য্য কুমাৰ ভূঞাৰ পৰশত জাতিস্কাৰ হৈ থকা বিভাগটো চৰকাৰী আমোলা-বিষয়াৰ তত্বাবধানলৈ নিয়াতকৈ এজন বিদ্বান লোকক সঞ্চালকৰূপে নিয়োগ কৰি বিভাগটো পুনৰজীৱিত কৰিব লাগে।‘

আনহাতে, ব্ৰহ্মপুত্ৰৰ ওপৰত ডিব্ৰুগড় আৰু ধেমাজী-চিলাপথাৰ সংযোগী নিৰ্মীয়মান বগীবিল দলংৰ নাম ‘চাওলুঙ চুকাফা সেঁতু’ নামাকৰণ কৰিবৰ বাবেও উক্ত সংবাদ মেলৰ জৰিয়তে অতুল ফুকনে চৰকাৰক অনুৰোধ জনায়।

তদুপৰি ‘ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগে ‘চৰাইদেউ’ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব লাগে বুলি UNESCO লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল’ এইবুলি মন্তৱ্য কৰি তেওঁ লগতে কয় ‘অসম চৰকাৰৰ এই ক্ষেত্ৰত কৰণীয় বহুখিনি আছিল যদিও চৰকাৰে কোনো ধৰণৰ উদ্যোগ হাতত নল’লে।‘

সেয়েহে তেওঁ উক্ত সংবাদমেলৰ জৰিয়তে এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।

আনহাতে, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নামত এটা প্ৰতিমূৰ্তি তথা উদ্যান স্থাপন নকৰাতো দূৰ্ভাগ্যৰ বিষয় বুলি সদৰী কৰি তেওঁ কয় ‘সমসাময়িক আৰু সম-পৰ্য্যায়ৰ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো প্ৰতিমূৰ্তি, উদ্যান ৰাজ্য চৰকাৰে স্থাপন কৰিছে। সেয়েহে সেই প্ৰতিমূৰ্তিখিনিৰ ঠিক লগতে পদ্মনাথ গোহাঞি বৰুৱাৰ একোটিকৈ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে।‘

ইয়াৰোপৰি উক্ত সংবাদ মেলত উপস্থিত থকা সভাৰ সাধাৰণ সম্পাদক পুষ্পধৰ শইকীয়াই নাগৰিকত্ব সংশোধনী আইনখনৰ সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যাটোৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকৰ কোনোধৰণৰ অনিষ্ট নোলোৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।

তেওঁ লগতে কয় ‘প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্ব শইকীয়াৰ কাৰ্য্যকালত তাই ভাষাৰ শিক্ষণৰ বাবে ২০০ টা শিক্ষকৰ পদ সৃষ্টি কৰিছিল যদিও আৰু উজনি অসমত ১৯৯৪ চনত উজনি অসমৰ ২০০ খন বিদ্যালয়ত প্ৰতিবছৰে ১০০ গৰাকীকৈ শিক্ষকৰ পদ সৃষ্টি কৰি মকৰলৰ ব্যৱস্তা কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজি পৰ্য্যন্ত নতুন নিযুক্তি দিয়া নহ’ল।‘

সেয়েহে উক্ত সংবাদমেলৰ জৰিয়তে তেওঁ ‘২০০ গৰাকী তাই ভাষাৰ শিক্ষকক নতুনকৈ মকৰল দি জনগোষ্ঠীটোৰ ভাষা শিক্ষাৰ দিশত আগবঢ়াই নিবৰ বাবে চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd