মাৰ্ঘেৰিটাৰ মাছেগাঁৱৰ এটি কণমানি শিশু, যাৰ এতিয়া ল’ৰি-ঢাপৰি ফুৰাৰ বয়স, পখিলা খেদাৰ বয়স। কিন্তু অজানিতে অহা দুৰ্যোগে কাঢ়ি নিব ওলাইছে শিশুটিৰ জীৱনৰ সকলো আনন্দ। ৰং-ধেমালিৰ মাজেৰে জীৱন আৰম্ভ হোৱাৰ সময়তে কাব্যশ্ৰী বৰুৱা নামৰ এই ফুল-কুমলীয়া শিশুটি আক্ৰান্ত হৈছে লিভাৰৰ দুৰাৰোগ্য ৰোগত।
দুৰ্ভগীয়া এই শিশুটিৰ জটিল ৰোগৰ চিকিৎসা কৰি ইতিমধ্যে নিঃসম্বল হৈ পৰা অভিভাৱকে শিশুটিক বাহিৰলৈ নি উন্নত চিকিৎসা কৰাবলৈ শক্তি হেৰুৱাই পেলাইছে। ফলত সন্মুখত ভুক্তভোগী হৈ থকা দেখিও অসহায় হৈ চাই থকাৰ বাদে একো কৰিব পৰা নাই।
জানিব পৰা মতে মাক বিনু ভূঞাই কাব্যশ্ৰীক আৰোগ্য কৰাৰ বাবে ডিব্ৰুগড়, গুৱাহাটীকে ধৰি কেইবা ঠাইতো চিকিৎসা কৰাইছে যদিও কাব্যশ্ৰী আৰোগ্য হোৱা নাই। গুৱাহাটীৰ চিকিৎসকে কাব্যশ্ৰীক উন্নত চিকিৎসাৰ বাবে ভেলোৰ বা হায়দৰাবাদলৈ নিবলৈ পৰামৰ্শ দিছে। কিন্তু ইতিমধ্যে কাব্যশ্ৰীৰ চিকিৎসাৰ নামত নিসম্বল হৈ পৰা অভিভাৱক আৰ্থিক সমস্যাত পৰি সন্মুখত আন্ধাৰ দেখিছে।
গতিকে কাব্যশ্ৰীক আৰোগ্য কৰি তোলাৰ বাবে বিনু ভূঞাই হৃদয়ৱান লোকৰ পৰা আৰ্থিক সাহায্য বিচাৰি আবেদন জনাইছে।
আনহাতে কণমানি কন্যা শিশুগৰাকীক আৰোগ্য কৰি তোলাত সহায়ৰ হাত আগবঢ়াব বিচৰা লোকে কাব্যশ্ৰীৰ মাতৃ বিনু ভূঞাৰ ইউনাইটেড বেংক মাৰ্ঘেৰিটা শাখাৰ একাউণ্ট নং 0018010164894 (IFSC কড- UTBI0MGT340) ত অৰ্থ সাহায্য আগবঢ়াব পাৰিব অথবা 9365027749 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷