ডিজিটেল প্ৰযুক্তিক ইয়াৰ কাম-কাজৰ পৰিচালনা কৰাত নুমলীগড় শোধনাগাৰে সদায়েই আগভাগ লৈ আহিছে।নুমলীগড় শোধনাগাৰ হৈছে লেগাট্ৰিক্সৰ পৰিসেৱা গ্ৰহণ কৰা প্ৰথমটো ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগ। আজি এটা সংবাদ বিবৃতিত এই কথা প্ৰকাশ কৰিছে নুমলীগড় শোধনাগাৰে।
উল্লেখ্য যে লেগাট্ৰিক্স (Legatrix) হৈছে কোম্পানীলৈ অনলাইন যোগে আইনী আৰু নিয়ামক বাধ্যবাধকতা সম্পৰ্কীয় খুটি-নাতি নিৰীক্ষণ কৰি তাৰ ওপৰত সময়-সাপেক্ষ পৰামৰ্শ আগবঢ়োৱা এটা আইন পৰামৰ্শ প্ৰদান কৰা এখন ফাৰ্ম।
অলপতে নুমলীগড় শোধনাগাৰৰ গুৱাহাটীস্থ কাৰ্যালয়ত এটা ‘গ’-লাইভ’ অনুষ্ঠানৰ যোগেদি এই ক্লাউড-ভিত্তিক আইনী অনুৱৰ্তিতা পৰিসেৱা প্ৰদান কৰা ফাৰ্মখনৰ আইনজনিত সেৱা গ্ৰহণ কৰা কাৰ্যসূচীৰ উদ্বোধন কৰিছিল কোম্পানীটোৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই।
লেগাট্ৰিক্সৰ জৰিয়তে কোম্পানীটোৱে ইয়াৰ আইনী আৰু নিয়ামকসমূহ বিভিন্ন পৰ্যায়ত নিৰীক্ষণৰ জৰিয়তে সুদক্ষভাৱে সিদ্ধ কৰিব পাৰিব। এই ব্যৱস্থাটোৱে ইয়াৰ সেৱা গ্ৰহণকাৰী কোম্পানীটোৰ শ্ৰম, কৰ আৰোপ, তথ্য প্ৰযুক্তি, বাণিজ্যিক, আমদানি ৰপ্তানি, কৰ্প’ৰেট আইন আৰু উদ্যোগৰ সৈতে জড়িত বিভিন্ন আইন সামৰি লৈ তাৰ ভিত্তিত আইনী পৰামৰ্শ আগবঢ়ায়। অৱশ্যে লেগাট্ৰিক্সে কোনো পেচাগতভাৱে আইনী সেৱা আগ নবঢ়ায়।
সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে আইনী বাধ্যবাধকতা সম্পৰ্কীয় সমস্যাৰ সময়-সাপেক্ষ সমাধানত এই অন-লাইন ব্যৱস্থাটোৱে সমৰ্থন আগবঢ়াব। লগতে এই ব্যৱস্থাটোৱে এটা কেন্দ্ৰীয় ভাণ্ডাৰ গঠন কৰা, গ্ৰহণযোগ্য দিনপঞ্জী আৰু স্বয়ংক্ৰিয়ভৱে প্ৰতিৱেদন আৰু প্ৰমাণপত্ৰ সৃষ্টি কৰা আৰু আইনী আৰু নিয়ামকসমূহৰ সংশোধনীসমূহ ততালিকে আপডেট কৰা আদিত সহায়ক হ’ব।
এই উদ্যোগটোৱে পৰৱৰ্তী সময়ত ডিজিটেল ইণ্ডিয়া মিশ্যনলৈ অৱদান যোগোৱাৰ লগতে ইয়াৰ পৰিচালনাত স্বচ্ছতা অনাত অৱদান আগবঢ়াব।