NORTHEAST NOW (Assamese)

লেবাননত নিযুক্ত অৰুণাচল প্ৰদেশৰ জুমকেন ৰুটিলৈ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী মেডেল

March 18, 2018 10:45 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ যুৱক অসম ৰেজিমে’ণ্টৰ জোৱান জুমকেন ৰুটিলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী মেডেল।

ৰুটি ৫ম অসম ৰেজিমে’ণ্টৰ কম্পিউটাৰ অপাৰেটৰ।

অৰুণাচলৰ ল’ৱাৰ চিয়াং জিলাৰ কাংকু চক্ৰৰ বৰাজান গাঁৱৰ ৰুটি বৰ্তমান লেবাননত United Nations Interim Forceত কৰ্মৰত হৈ আছে।

অভিযানটোৰ মুৰব্বী আৰু বাহিনীটোৰ কমাণ্ডাৰ মে’জৰ জেনেৰেল মাইকেল বিয়েৰিয়ে দক্ষিণ লেবাননৰ নাকুৰাত যোৱা ৬ মাৰ্চত ৰুটিক এই মেডেল প্ৰদান কৰে।

ৰাষ্ট্ৰসংঘৰ বাহিনীটোৰ সামৰিক সদস্য হিচাপে সকলো যোগ্যতা পূৰণ কৰা বাবে তেওঁলৈ এই স্বীকৃতি আগবঢ়োৱা হৈছে।

পৃথিৱীৰ ৪১ খন দেশৰ ১০৫০০ গৰাকী শান্তিৰক্ষীয়ে অঞ্চলটোত সেৱা আগবঢ়াই আছে।

(উৎসঃ The Dawnlit Post)

Related News