NORTHEAST NOW (Assamese)

লোককৃষ্টিৰ সাধক গোৱালপাৰাৰ শম্ভু ৰাভালৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, ২০১৭

December 23, 2017 7:34 pm · এন ই নাও নিউজ

আজি এটা প্ৰেছ বিজ্ঞপ্তিৰ যোগে সদৌ অসম ছাত্ৰ সন্থাই জানিবলৈ দিছে যে বিগত কেইবছৰৰ দৰে এইবাৰো সংগঠনটোৱে গোৱালপাৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী তথা মহান শিল্পী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰসাৰত বৰঙনি যোগোৱা এগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আগ বঢ়াবলৈ ওলাইছে। এইবাৰৰ অৰ্থাৎ ২০১৭ বৰ্ষৰ এই বঁটা আগ বঢ়োৱা হৈছে গোৱালপাৰা অঞ্চলৰ লোককৃষ্টিৰ সাধক, প্ৰচাৰবিমুখ শম্ভু ৰাভালৈ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ। ছাত্ৰ সংগঠনটোৱে অহা ২৭ ডিচেম্বৰত চানমাৰিৰ চহিদ উদ্যানত প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস পালন কৰিব। উক্ত অনুষ্ঠানটোতে শিল্পীজনক এই বঁটা দিয়া হ’ব বুলি সংগঠনটোৰ ফালৰ পৰা জনোৱা হৈছে।

Related News