• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদ মাধ্যমে চৰকাৰৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখক : মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 9:02 am
প্ৰয়াত সাংবাদিকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ এটা মুহূৰ্ত। য়ু বি ফটোজ

প্ৰয়াত সাংবাদিকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ এটা মুহূৰ্ত। য়ু বি ফটোজ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত শুকুৰবাৰে শ্ৰীমন্ত মাধৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰয়াত তথা নিৰুদ্দিষ্ট সাংবাদিকৰ পৰিয়াললৈ সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি সাংবাদিক সকলক উদ্দেশ্যি বহুতো মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সমাজৰ স্বাৰ্থত আত্মবলিদান দিয়া ৩২ গৰাকী শ্বহীদৰ ত্যাগ চৰকাৰে কেতিয়াও অথলে যাব নিদিয়ে। তেওঁলোকৰ আদৰ্শৰে উদ্বুদ্ধ হৈ নৱপ্ৰজন্মই সমাজ গঢ়ি তুলিব পাৰিলেহে তেওঁলোকৰ ত্যাগৰ মূল্য দিব পাৰিব। বক্তৃতা প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিকসকলক নিৰ্ভীক আৰু নিৰপেক্ষভাৱে সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ কোৱাৰ লগতে চৰকাৰৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। আনহাতে পঞ্চায়ত পৰ্য্যায়ৰ পৰা মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়লৈকে দুৰ্নীতি আতৰ কৰিবলৈ সংবাদ মাধ্যমে  দৃষ্টি ৰাখিব লাগিব বুলিও উক্ত সম্বৰ্ধনা অনুষ্ঠানত ব্যক্ত কৰে।

তদুপৰি সংবাদ মাধ্যমে চৰকাৰৰ কিবা কামত ভূল-ক্ৰুটি দেখিলে সংকোচবিহীনভাবে সমালোচনা কৰিব পাৰে বুলি সাহায্য প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে সদৰি কৰে। সেই সভাতে তেওঁ চৰকাৰখনক দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানত সহায়-সহযোগিতা আগবঢ়োৱা সাংবাদিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভবিষ্যতে সামাজিক নিৰাপত্তা ৰক্ষা, সন্ত্ৰাসবাদ আৰু দুৰ্নীতি মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে যৌথভাবে কাম কৰি যাবলৈ আহ্বান জনায়।

Apply Now

সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থকা মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ভাষণৰ মাজতে দুখ প্ৰকাশ কৰি কয় যে সমাজৰ ভুল ক্ৰুটিবোৰ আঙুলিয়াই দি অহা সাংবাদিক সকলক হত্যা কৰাটো অতি দুখজনক। ধন টকা পইচাৰে সাংবাদিকৰ সমাজৰ প্ৰতি থকা অবদান জুখিব নোৱাৰি যদিও প্ৰয়াত সাংবাদিক সকলক সন্মান প্ৰদৰ্শনৰ বাবেহে এই প্ৰয়াস কৰিছে বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিঙে সাংবাদিক সকলক ‘কলমৰ চিপাহী’ বুলি অভিহিত কৰে। এই অনুষ্ঠানত চৰকাৰে প্ৰয়াত সাংবাদিক সকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ উপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰি উলিওৱা ‘শ্ৰদ্ধাৰ একাঁজলি’ আৰু ‘মধ্যপ্ৰদেশ-এক অনন্য যাত্ৰা’ শীৰ্ষক গ্ৰন্থ দুখনো উন্মোচন কৰে।

আনহাতে ১৯৯৬ চনতে কোনো  দুষ্কৃতিকাৰীৰ গুলীত প্ৰাণ হেৰুওৱা পৰাগ দাসৰ পৰিয়ালৰ লোকক অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিল যদিও দাসৰ পৰিয়ালে বিনয়ীভাবে সাহায্য গ্ৰহণ নকৰাৰ কথা পত্ৰযোগে জানিবলৈ দিয়ে আৰু এই ধন সাংবাদিকৰ কল্যাণৰ বাবে ব্যবহাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd