ভাৰত চৰকাৰৰ শক্তি মন্ত্র্যালয়ে ‘গ্ৰাম স্বৰাজ অভিযান’ৰ বিষয়ে গাঁৱৰ ৰাইজক সজাগ কৰি তুলিবলৈ যোৱা ১৪ এপ্ৰিলৰ পৰা ৫ মে’লৈকে ‘চবকা সাথ, চবকা গাঁও, চবকা বিকাশ’ নামৰ এক বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
এই অভিযানৰ যোগেদি ’এনাৰ্জি এফিচিয়েন্সি ছাৰ্ভিচেছ লিমিটেড’ (ইইএছএল) ৩,০৪২খন নিৰ্বাচিত গাঁৱত কাম-কাজ চলাবলৈ কেইটামান সজাগতা গোটক দায়িত্ব দিয়া হৈছে। এই গোটসমূহে ম’বাইল ভানৰ সহায়ত প্ৰচাৰ চলাই এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে উজ্জ্বলা আঁচনিৰ অধীনত ৯ কিলোৱাট সামৰ্থ্যৰ এলইডি বাল্ব গাঁৱৰ উপভোক্তাসকলক বিতৰণ কৰি আছে।
উল্লেখযোগ্য যে ইইএছএলে এই কামৰ বাবে সমগ্ৰ ৰাজ্যখনতে মুঠ ২০০খন ম’বাইল ভান ব্যৱহাৰ কৰিছে। এই সময়ছোৱাৰ ভিতৰত ম’বাইল ভানসমূহে একোখন নিৰ্দিষ্ট গাঁও অন্ততঃ দুবাৰকৈ ভ্ৰমণ কৰিব। এই প্ৰচাৰ অভিযানৰ অধীনত কৰি থকা কামসমূহ হ’ল প্ৰতিঘৰতে মাত্ৰ ৫০ টকা মূল্যত এলইডি বাল্ব যোগান, যিকোনো কাৰিকৰী বিজুতিৰ বাবে এই এলইডি বাল্ববোৰৰ তিনি বছৰীয়া ৱাৰেণ্টী থাকিব আৰু এপিডিচিএলৰ প্ৰতিটো বৈদ্যুতিক উপ-সংমণ্ডলৰ ‘উজ্জ্বলা’ কাউণ্টাৰৰ পৰা তাক সলনি কৰিব পৰা যাব। উল্লেখযোগ্য যে এলইডি বাল্বে যে সাধাৰণ বাল্বতকৈ ৮০শতাংশ পৰ্যন্ত শক্তি ৰাহি কৰে, সেই বিষয়ে জনসাধাৰণক জ্ঞাত কৰাটোও এই দিৱসৰ অন্যতম তাৎপৰ্য।
আনহাতে আজি (২৮ এপ্ৰিলত) সমগ্ৰ ৰাজ্যতে ‘গ্ৰাম স্বৰাজ অভিযান’ৰ অন্তৰ্গত ‘গ্ৰাম শক্তি দিৱস’ পালন কৰা হ’ব। এই দিৱসত প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত চৰকাৰৰ ‘সৌভাগ্য’ আৰু ‘উজ্জ্বলা’ আঁচনিৰ বিষয়ে সবিশেষ প্ৰদৰ্শন কৰা হ’ব।