• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শাসক-বিৰোধীৰ অভিযোগ প্ৰতি-অভিযোগৰ মাজেৰে নাগালেণ্ডৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
May 25, 2018 6:23 pm
Nagaland-chief-minister-Neiphiu-Rio-addressing-a-byelection-rally-in-Mon-town-on-Saturday.-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসক-বিৰোধীৰ অভিযোগ প্ৰতি-অভিযোগৰ মাজেৰে চলি থকা নাগালেণ্ডৰ একমাত্ৰ  সংসদীয় সমষ্টিটোৰ উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ২৬ তাৰিখ শনিবাৰে আবেলি ৪-০০ বজাত সামৰণি পৰিব।

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই জিলা আৰু আৰক্ষী প্ৰশাসনলৈ নিৰ্দেশ দিছে যাতে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময় অতিক্ৰম হোৱাৰ পাছত সমষ্টিটোৰ বাহিৰৰ পৰা অহা সকলো ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলে সমষ্টি ত্যাগ কৰে সেয়া নিশ্চিত কৰা হয়।

Apply Now

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অৱশ্যে মন্তব্য কৰিছে যে ৰাজ্যখনৰ দায়িত্ব ন্যস্ত থকা ৰাজনৈতিক দলসমূহৰ পদৱীধাৰীসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা কাৰ্যকৰী নহ’ব। তেনে পদৱীধাৰীয়ে তেওঁৰ থকা স্থানৰ বিতং তথ্য ৰাজ্যখনৰ প্ৰধান কাৰ্যালয়ত জমা দিব লাগিব আৰু এই নিষেধাজ্ঞা চলা সময়খনিত তেওঁৰ যাতায়াত তেওঁৰ দলীয় কাৰ্যালয় আৰু তেওঁৰ থকা স্থানৰ মাজত সীমাবদ্ধ থাকিব।

বিগত ১১ দিনীয়া তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়চোৱাত  নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতৃত্বাধীন শাসনাধিষ্ঠ পিপ্‌ল’ছ ডেমক্ৰেটিক এলায়েন্স আৰু বিৰোধী দল নাগা পিপ্‌ল’ছ ফ্ৰণ্টৰ মাজত ব্যক্তিগত ভাৱে চৰিত্ৰহনন, দোষাৰোপ, চলি থকা নাগা আলোচনা, ভিআইপি সংস্কৃতি হ্ৰাস কৰা আৰু টি আৰ ঝেলিয়াঙৰ নেতৃত্বৰ ডেমক্ৰেটিক এলায়েঞ্চ অব নাগালেণ্ডৰ পূৰ্বৰ চৰকাৰখনক আক্ৰমণ আৰু নেইফু ৰিঅ’ৰ নেতৃত্বাধীন পিডিএ চৰকাৰখনৰ কৰ্মকাণ্ডৰ সমালোচনা কৰা সমগ্ৰ ৰাজ্যখনতে দেখা পোৱা হৈছিল।

ৰাজধানী কোহিমাত ১৫ মে’ত পিডিএই মিত্ৰজোঁটটোৰ সৰ্ব-সন্মতিক্ৰমে নিৰ্বাচিত প্ৰাৰ্থী টোখেহো য়েপথোমিৰ হৈ নিৰ্বাচনী প্ৰচাৰাভিযান চলাইছিল, আনহাতে বিৰোধী এনপিএফে মে’ৰ ১৬ তাৰিখে তেওঁলোকৰ প্ৰাৰ্থী আপোক জমিৰৰ হৈ প্ৰচাৰ অভিযান চলাইছিল।উপ নিৰ্বাচনটোত দুইটা দলৰে পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা আছে।

পিডিএ প্ৰাৰ্থীগৰাকীক হৰুৱাবলৈ কংগ্ৰেছ আৰু এনপিএফে একেলগ হৈ যুঁজত নামিছে।

কংগ্ৰেছে কৈছে যে এনপিএফে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা কোনো প্ৰাৰ্থীকে এই লোকসভা আসনখনৰ বাবে প্ৰক্ষেপ কৰা নহয়। এনপিএফে কংগ্ৰেছৰ দ্বাৰা আগবঢ়োৱা ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক নীতিৰ প্ৰস্তাৱত সন্মত হোৱাৰ পাছত দলটোৱে এই আসনখনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আম আদমি পাৰ্টিয়েও এনপিএফলৈ নিজৰ সমৰ্থন আগবঢ়াইছে।

নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত নেইফু ৰিঅ’ৱে ৰাইজক আশ্বাস দিয়ে যে জনসাধাৰণৰ সমস্যাসমূহ সমধান কৰাটো পিডিএ চৰকাৰৰ অগ্ৰাধিকাৰ।

বিৰোধী দলৰ নেতা টি আৰ ঝেলিঙে শাসনাধিস্থ চৰকাৰখনক সমালোচনা কৰি কয় যে মাত্ৰ দুই মাহতে চৰকাৰখনে নিজৰ ভণ্ডামী কামেৰে দেখুৱাই দিছে।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd