বিদ্যালয়ৰ ছাত্ৰীক সকলোৰে সন্মুখত কাপোৰ খুলিবলৈ বাধ্য কৰাৰ শাস্তিস্বৰূপে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অৰুণাচল প্ৰদেশ চৰকাৰক পাপুমপাৰেত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ৮৮গৰাকী ছাত্ৰীক ৫০০০ টকাকৈ ক্ষতিপূৰণ দিবলৈ ৩ জুলাইত নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত ঘটা এই আশ্চৰ্য্যকৰ ঘটনাটোত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ তিনিগৰাকী শিক্ষয়িত্ৰীৰ দ্বাৰা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ মুঠ ৮৮গৰাকী ছাত্ৰীক কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোকৰ মাজৰে কোনোবাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে কাগজৰ টুকুৰাত অশ্লীল শব্দ লিখা বুলি অভিযোগ উঠিছিল। কিন্তু কোনো এগৰাকী ছাত্ৰীয়েই সেইটো কৰা বুলি স্বীকাৰ নকৰাত তেওঁলোকক সকলোৰে সন্মুখত কাপোৰ খুলিবলৈ দি শাস্তি দিয়া হৈছিল।
ৰাজ্য চৰকাৰে ঘটনাটো নিশ্চিত কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত আয়োগৰ দ্বাৰা এই নিৰ্দেশটো দিয়া হয়। নিৰ্দেশটোত শিক্ষয়িত্ৰী তিনিগৰাকীৰ আচৰণ অমানৱীয় আৰু নিষ্ঠুৰাতপূৰ্ণ বুলি কোৱা হৈছে।
“নাৱালিকা ছোৱালীকেইগৰাকীৰ প্ৰতি তেওঁলোকৰ আচৰণ সাধাৰণ মানৱীয় মৰ্য্যাদা আৰু শালীনতাৰ পৰিপন্থী।” এইদৰে কোৱা হয়। এই ক্ষতিপূৰণ চাৰি সপ্তাহৰ ভিতৰত প্ৰদান কৰিবলৈও ৰাজ্য চৰকাৰক কোৱা হৈছে আৰু তাৰ প্ৰমাণৰ সৈতে আইন অনুৱৰ্তিতাৰ এটা প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।
মন কৰিব লগীয়া যে ৰাজ্য চৰকাৰে ঘটনাটোৰ অনুসন্ধান কৰোৱাৰ পিছত দুজন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে আনজনক নিলম্বন কৰে।
ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ ওচৰত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত 112/17 নম্বৰৰ এটা গোচৰো পঞ্জীয়ন কৰা হৈছিল। এই গোচৰত শিক্ষয়িত্ৰীকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত জামিন পায়।
আনহাতে ঘটনাটোৰ বলি ছাত্ৰীকেইগৰাকীক মনস্তাত্ত্বিক দিহা-পৰামৰ্শ দিয়া হৈছিল।
ৰাজ্য চৰকাৰেও এই ঘটনাটো গুৰুত্বসহকাৰে লৈ ৰাজ্যখনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় চলাই থকা অৰুণাচল ফাৰ্মাৰ্ছ ডেৱেল’পমেণ্ট ছ’চাইটিৰ অধ্যক্ষক কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰিছিল। চৰকাৰে ৰাজ্যখনৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত থকা পুৰুষ প্ৰধান শিক্ষক আৰু শিক্ষকৰ ঠাইত আন শিক্ষক নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ছাত্ৰী নিৱাসত কেমেৰা সংস্থাপন কৰিবলৈও পৰামৰ্শ দিছিল।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ঘটনাটোৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নিজা ববীয়াকৈ এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। লগতে বিষয়টো সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ সচিবলৈ জাননী জাৰি কৰিছে।
“শিক্ষক-শিক্ষয়িত্ৰীসকলক সমাজত সদায়ে সন্মানৰ চকুৰে চোৱা হয়, কাৰণ তেওঁলোক হ’ল তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ পথ দেখুৱাওঁতা আৰু সুৰক্ষা দিওঁতা। এই ধৰণৰ অমানৱীয় আৰু অনুভূতিহীন আচৰণ তেওঁলোকৰ পৰা আশা কৰিব নোৱাৰি। নাবালিকা ছোৱালীকেইজনীক গোটেইবোৰৰ আগত নাঙঠ কৰাটো অনৈতিক আৰু নিষ্ঠুৰতাপূৰ্ণ কাম।” নিৰ্দেশটোত কোৱা হয়।