শিলচৰৰ স্মিতা দেৱৰ শিৰত মিছেছ ৰয়েল ইণ্ডিয়া য়ুনিভাৰ্ছ-২০১৮

smita-deb-1

২০১৮ বৰ্ষৰ সন্মানীয় মিছেছ ৰয়েল ইণ্ডিয়া খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ তনয়া স্মিতা দেৱে। যোৱা ২৯ মে’ত নতুন দিল্লীৰ গুৰগাঁৱৰ কিংডম অব ড্ৰিমছত অনুষ্ঠিত মিছেছ ৰয়েল ইণ্ডিয়া প্ৰতিযোগিতাৰ বিজয়ী স্মিতা শিলচৰৰ জীয়ৰী।

উল্লেখ্য যে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত দেশৰ ৬০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল। কোকৰাঝাৰ ছায়েন্স কলেজৰ সহকাৰী অধ্যাপিকা তথা সাংবাদিকতা বিভাগৰ যুটীয়া সমন্বয়ক স্মিতাই ২০০২ চনত অনুষ্ঠিত মিছ ছাউথ আছাম প্ৰতিযোগিতাত দ্বিতীয় ৰাণাৰ্ছআপ খিতাপ অৰ্জন কৰিছিল।

অসম বিশ্ববিদ্যালয়ৰ গৱেষিকা স্মিতাই নতুন দিল্লীৰ সংসদ ভৱনৰ লগতে দিল্লী দূৰদৰ্শনৰ লোকসভা চেনেলত পূৰ্বে কৰ্মৰত আছিল।

শিলচৰৰ ষ্টাইলিং চিটী য়ুনিছেক্স ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী স্মিতা সীদৰ্শন দেৱ আৰু জয়ন্তী দেৱৰ কন্যা তথা বিটিএডিৰ আৰক্ষী মহাপৰিদৰ্শক আইপিএছ অনুৰাগ আগৰৱালাৰ পত্নী।