শিলচৰ আৰক্ষীৰ সাফল্য: দীৰ্ঘদিনে ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰৰ দলক গ্ৰেপ্তাৰ

arrest4-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

মঙলবাৰে এটা চোৰৰ দলৰ শিবিৰত মোক্ষম আঘাত হানিবলৈ সক্ষম হয় শিলচৰ আৰক্ষী। এক গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি শিলচৰ আৰক্ষীয়ে মেহেৰপুৰ অঞ্চলত এক অভিযান চলাই কুখ্যাত চোৰ ৰাজ বৰভূঞাক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটকাধীন চোৰজনক সোধা পোচা কৰাত চোৰৰ দলটোৰ সৈতে জড়িত আন দুজন চোৰৰ নাম পোহৰলৈ আহে। ৰাজ বৰভূঞাৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে পুনৰ অভিযান চলাই চামিম হুছেইন লস্কৰ আৰু চাকিল হুছেইন লস্কৰক মেহেৰপুৰ আৰু উত্তৰকৃষ্ণপুৰ অঞ্চলৰ পৰা দুয়োকে আটক কৰে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি শিলচৰৰ বিভিন্ন অঞ্চলত লুট পাত চলাই অহা এই কুখ্যাত চোৰ কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ৩৮০/৪৫৭ ধাৰাৰ অধীনত ১৩৪৭/১৮ নম্বৰত শিলচৰ আৰক্ষী থানাত এক গোচৰ ৰুজ কৰে।

ইফালে আৰক্ষীৰ তদন্তত পোহৰলৈ আহে আন এক তথ্য। ৰাজ বৰভূঞাৰ মেহেৰপুৰস্থিত তেওঁৰ ভাড়াঘৰৰ মালিক ফাজিজুৰ ৰহমান লস্কৰে চুৰি কাৰ্য সংঘটিত কৰা সামগ্ৰী সমূহ লুকুৱাই ৰখাত সহায় কৰে বুলি জানিবলৈ দিয়ে। আৰু সেই তথ্যৰ ভিত্তিতে ফাজিজুৰ ৰহমানকো গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে।

চোৰৰ দলটোৱে চুৰি কৰা সোণৰ গহণা তথা সামগ্ৰীসমূহ শ্বিলংপাট্টীস্থিত হৰেকৃষ্ণ বনিক আৰু চুব্ৰ বনিকৰ জ্যোতি জিৱেলাৰ্ছত গোপনে বিক্ৰী কৰে বুলিও আৰক্ষীৰ তদন্তত ব্যক্ত কৰে ৰাজ বৰভূঞাই।

জ্যোতি জিৱেলাৰ্ছৰ স্বত্বাধিকাৰী হৰেকৃষ্ণ বনিক আৰু তেওঁৰ পুত্ৰ চুব্ৰ বনিককো শিলচৰ আৰক্ষীয়ে আটক কৰে।

তদন্তৰ অন্তত আৰক্ষীয়ে ৰাজ বৰভূঞাৰ ঘৰত তালাচী চলাই মাতৃৰ ওচৰৰ পৰা দুটা সোণৰ আঙুঠি আৰু জ্যোতি জিৱেলাৰ্ছৰ পৰা তিনিটা সোণৰ আঙুঠি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শিলচৰত ত্ৰাসৰ সৃষ্টি কৰি অহা এই চোৰৰ দলটোক আটক কৰি বৃহৎ সাফল্য লাভ কৰা শিলচৰ আৰক্ষীয়ে আমাক জানিবলৈ দিয়া অনুসৰি তেওঁলোকে ঘটনা সন্দৰ্ভত চোৰৰ দলটোৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।