শিলচৰ-গুৱাহাটীৰ মাজত আজিৰেপৰা ভলভ’ বাছ সেৱা আৰম্ভ

volvo

নিগমৰ অধীনৰ ভলভ’ বাছ

শিলচৰ আৰু গুৱাহাটীৰ মাজত আজিৰেপৰা ভলভ’ বাছ সেৱা আৰম্ভ হ’ল।

অসম ৰাজ্যিক পৰিৱহন নিগমৰ আস্থান আৰু ৰে’ডবাছৰ ৱে’বছাইটত ইয়াৰ টিকট উপলব্ধ হ’ব। শিলচৰ-গুৱাহাটীৰ মাজত এজন যাত্ৰীৰ টিকটৰ মূল্য হ’ব ৭৬০ টকা।

পৰিৱহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৱা ২৪ জানুৱাৰিত এ এচ টি চিৰ পল্টন বজাৰ কাৰ্য্যালয়ত এই বিলাসী বাছ সেৱাৰ আৰম্ভণি কৰিছিল।

প্ৰথম পৰ্য্যায়ত ৫ খন বাছৰ সেৱা আৰম্ভ কৰা হৈছিল।

উদ্বোধনী অনুষ্ঠানটোত মন্ত্ৰীজনে কৈছিল যে, ‘নিজাকৈ বাছ কিনিবলৈ এতিয়া নিগমৰ ধন নাই। সেয়ে বিভাগটোৱে ভলভ’ সেৱা ব্যক্তিগত ৰাজহুৱা যৌথ সহযোগিতাত আৰম্ভ কৰা হৈছে।’