শিৱসাগৰত আছুৰ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি তুংগত

ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্রৰ উৎকৰ্ষ সাধনাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ২০০৫ চনৰপৰা সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। উক্ত ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰো শিৱসাগৰ জিলাত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব লগীয়া স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ বাবে ছাত্ৰ সন্থাই ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। আছুৰ শিৱসাগৰ জিলা সমিতি, নাজিৰা মহকুমা সমিতি, শিমলুগুৰি আৰু নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত অহা ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ শিৱসাগৰৰ বেতবাৰী, গড়গাঁও মহাবিদ্যালয়, নাজিৰা, দৰিকা নগৰ, মাউৎ গাঁও, টেঙাপুখুৰী আৰু দৰবাৰ খেলপথাৰত স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।

উক্ত প্ৰতিযোগিতাত ক্ৰীড়াপ্ৰেমী সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিৰ সভাপতি পূণ্যধৰ গগৈ, কাৰ্যকৰী সভাপতি শৰৎ হাজৰিকা আৰু সাধাৰণ সম্পাদক মাণিক গগৈয়ে।