বিগত কিছু দিন ধৰি ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ জিলাতো দলিলৰ নাটনিয়ে জনসাধাৰণৰ লগতে ভেণ্ডৰ সকলক ব্যাপক সমস্যাত পেলাইছে। জিলাখনত এটকীয়া, দহ টকীয়া, চল্লিশ টকীয়া, ষাঠি টকীয়া আৰু এশ টকীয়া দলিলৰ যোগান প্ৰায় বন্ধ হৈ পৰিছে।
জানিব পৰা মতে বিশ টকীয়া দলিল সপ্তাহত কোষাগাৰৰ কতৃপক্ষই এজন ভেণ্ডৰক মাত্ৰ বিশখনকৈ যোগান ধৰিছে। সেইদৰে পাঁচটকীয়া, দুটকীয়া দলিলৰ যোগানো পৰ্যাপ্ত নহয়। পাঁচটকীয়া দলিল কোষাগাৰত কিছু মজুত আছে বুলি জনিব পৰা গৈছে যদিও গৰিষ্ঠ সংখ্যক দলিলৰ যোগান নথকাত জনসাধাৰণৰ লগতে ভেণ্ডৰসকলো ভীষণ সমস্যাৰ সন্মুখীন হ’বলগা হৈছে।
স্মৰ্তব্য যে, চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত অসম বিধান সভা অধিৱেশনত ৰাজহ বিভাগৰ ৰাজ্যিত মন্ত্ৰী পল্লৱ লোচন দাসে এমাহৰ ভিতৰত দলিলৰ নাটনি দূৰ হ’ব বুলি শাসকীয় দলৰ বিধায়ক ভৱেশ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত সদৰি কৰিছিল যদিও মে’ মাহ পাৰ হৈ যোৱাৰ পিছতো দলিলৰ নাটনিয়ে জিলাখনত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে।
আনহাতে, ই-ষ্টাম্পিং ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে যদিও ই কাৰ্যক্ষেত্ৰত সফল হ’ব পৰা নাই। তদুপৰি এনে ব্যৱস্থাৰ দ্বাৰা বৰ্তমানে কৰ্মৰত সহস্ৰাধিক ভেণ্ডৰ কৰ্মহীন হৈ পৰা আশংকা কৰা হৈছে, ইয়াৰ উপৰি জনসাধাৰণেও সহজ প্ৰক্ৰিয়াৰে লাভ কৰা দলিলৰ পৰা বঞ্চিত হ’বলগা হৈছে।
জনসাধাৰণৰ স্বাৰ্থৰ লগতে ভেণ্ডৰ সকলৰ জীৱন-জীৱিকাৰ স্বাৰ্থত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসমৰ মুখ্য মন্ত্ৰীলৈ শিৱসাগৰ জিলাৰ খনামুখ টিপমীয়া গাঁৱৰ প্ৰকাশ বৰঠাকুৰ, নাজিৰাৰ ৰাতুল শইকীয়া, স্মৃতি পাটৰ, কুঞ্জ কটকী দুৱৰা, দীপক গগৈ আৰু ৰাতুল বৰুৱাই অলপতে এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে।
পত্ৰখনৰ জৰিয়তে তেওঁলোকে ৰাজ্যখনত বিৰাজ কৰা এই গুৰুত্বপূৰ্ণ সমস্যাটোৰ তাৎক্ষণিকভাৱে আশু সমাধান কৰাৰ লগতে দলিলৰ যোগান পৰ্যাপ্ত কৰিবলৈ মুখ্য মন্ত্ৰী গৰাকীক অনুৰোধ জনাইছে। অন্যহাতে এই সকল ব্যক্তিয়ে বিৰোধী দলৰ দলপতিকো এই গুৰুত্বপূৰ্ণ বিষয়টো লিখিত ভাৱে অৱগত কৰিছে।