NORTHEAST NOW (Assamese)

শিৱসাগৰত বান পৰিস্থিতি-এন আৰ চিৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল

August 2, 2018 8:43 am · পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ চ্যুকাফা ভৱনত সংবাদ মাধ্যমৰ স’তে মত বিনিময় কৰে।
উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানটোত প্ৰথমে শিৱসাগৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ  শান্তিপূৰ্ণ ভাৱে সম্পূৰ্ণ হোৱাৰ বাবে শিৱসাগৰবাসীক  ধন্যবাদ জ্ঞাপন কৰে। লগতে বৰ্তমান লোক সভা আৰু ৰাজ্য সভাৰ অধিবেশনত এন আৰ চিৰ সন্দৰ্ভত তীব্ৰ বাক-বিতণ্ডা চলি থকাৰ বাবে শিৱসাগৰ জিলা উপায়ুক্তই শিৱসাগৰ জিলাৰ এন আৰ চিৰ তথ্য প্ৰকাশ কৰাটো উচিত নহয় বুলি মন্তব্য কৰে।
উপায়ুক্ত গাৰীকয়ে কয় যে যি সকল লোকৰ নাম এই চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নহ’ল তেওঁলোকে অহা ৭ আগষ্টৰ পৰা ২৮ ছেপ্তেম্বৰলৈকে তেওঁলোকৰ দাবী আপত্তিৰ বাবে আবেদন কৰিব পাৰিব।
ইফালে শিৱসাগৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে সাংবাদিকক জনায় যে শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ প্ৰায় ৫০ খন গাঁও বানপানীৰ কবলত পৰিছে আৰু ১২৯৪৯ জন লোক বানাক্ৰান্ত হৈছে। শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ বাভিন্ন বানাক্ৰান্ত অঞ্চলত এন ডি আৰ এফ, এছ আৰ ডি এফ আৰু সেনাবাহিনীয়ে বৰ্তমান সময়লৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
আনহাতে এই অভিযানত শিৱসাগৰত ৪৭০ জন আৰু নাজিৰাত ১৩৮ জন বানাক্ৰান্তক উদ্ধাৰ কৰিছে বুলিও জানিবলৈ দিয়ে উপায়ুক্তগাৰীকয়ে। নাজিৰাত আশ্ৰয় শিবিৰ স্থাপন কৰা নাই যদিও শিৱসাগৰত ৫ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে।
শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰত ৩৬ টা বান সাহায্য শিবিৰ স্থাপন কৰি বানাক্ৰান্ত ৰাইজক চাউল, দাইল, মিঠাতেল, চিৰা, গুৰ, মমবাতি , মহখেদা ঔষধ, খোৱাপানী ফিল্টাৰ আদি সামগ্ৰী বিতৰণ কৰাৰ লগতে শিশু সকলৰ বাবে শিশু খাদ্যও বিতৰণ কৰিছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
তাৰোপৰি শিৱসাগৰত ৪ টা আৰু নাজিৰাত ৩ টা চিকিৎসাহ সাহাৰ্য্য শিবিৰ স্থাপন কৰি ৰোগী সকলক চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছে বুলি উপায়ুক্ত গৰাকীয়ে জনায়।

Related News