মুকলি আকাশৰ তললৈ আহিল অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়া মহৎ। হয় বন বিভাগত ব্যাপক লুণ্ঠনৰাজ চলাই ধেমাজিত গ্ৰেপ্তাৰ হোৱা বনদস্যু ৰূপে পৰিচিত মহৎ তালুকদাৰে অৱশেষত জেইলৰ পৰা ওলাবলৈ সক্ষম হ’ল।
উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ডি এফ অ’ গৰাকীক বিশেষ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰি যোৱা বছৰৰ ডিচেম্বৰ মাহত জেললৈ প্ৰেৰণ কৰিছিল।
কিন্তু এই ৰায়ৰ বিৰুদ্ধে ‘বনদস্যু’ দ্বাৰস্থ হয় উচ্চ ন্যায়ালয়ৰ। মাত্ৰ ৭ মাহ কাৰাৰুদ্ধ হৈ থকাৰ পাছতে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০ হেজাৰ টকাৰ আমানতৰ ধন আৰু এজন জামিনদাৰৰ বিনিময়ত মহতৰ জামিন মঞ্জুৰ কৰে।
মন কৰিবলগীয়া যে ২০১৬চনৰ ১৩ জুনত দুৰ্নীতি নিৰীক্ষন আৰু তদাৰকী কোষৰ হাতত এখন চালান বিহিন ট্ৰাকৰ চালকৰ পৰা ৩০হাজাৰ টকাৰ উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হৈছিল মহৎ তালুকদাৰ। ইয়াৰ পিছতে ৰাজ্যবাসী স্তম্ভিত হৈছিল তালুকদাৰৰ সম্পত্তিৰ তালিকা দেখি। দুৰ্নীতি নিবাৰক শাখাই তালুকদাৰৰ ঘৰৰ পৰা ২.৭১কোটি টকা, ৯৪৫.৫৬৩ গ্ৰাম সোণৰ আ-অলংকাৰৰ লগতে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ সা-সামগ্ৰী উদ্ধাৰ কৰিছিল।
দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ চনৰ ধাৰাত বিগত বছৰৰ ডিচেম্বৰ মাহৰ ২৮ তাৰিখে তালুকদাৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ লাখ টকাৰ জৰিমনা আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(২) ধাৰাৰ অধিনত পাঁচ বছৰ আৰু ২৫ লাখ টকাৰ জৰিমনা বিহিছিল বিশেষ ন্যায়াধীশৰ আদালতে।