উগ্ৰপন্থী কায়দাৰে হাতত পিষ্টল লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কটকটীয়া নিৰাপত্তা বেহু অতিক্ৰম কৰি মুখ্য মন্ত্ৰীক সাক্ষাত কৰিবলৈ যোৱা বিজেপিৰ এগৰাকী নেতাৰ কৰ্মকাণ্ডই এতিয়া সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে বুধবাৰে মুখ্য মন্ত্ৰী সোণোৱালে দিনৰ ভাগত এখন কৃষক সমাৰোহত অংশগ্ৰহণ কৰি আৱৰ্ত ভৱনত বিশ্ৰাম লৈ থকা সময়তে মুখ্য মন্ত্ৰীগৰাকীক লগ কৰিবলৈ বিজেপি নেতা তথা ডিব্ৰুগড় পৌৰসভাৰ ২২নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ সুদামা পাণ্ডেয়ে এটা .৩২ পিষ্টল লগত লৈ গৈছিল।
কিন্তু মুখ্য মন্ত্ৰীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ নজৰৰ পৰা সাৰি যাব নোৱাৰিলে সুদামা পাণ্ডে। নিৰাপত্তা বাহিনীয়ে তালাচী চলাওতে পিষ্টলটোৰ লগতে জব্দ কৰে অনুজ্ঞাপত্ৰখন।
হাতত উদ্যত মাৰণাস্ত্ৰ লৈ মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰিবলৈ যোৱা এজন বিজেপি নেতা নিৰাপত্তাবাহিনীৰ দ্বাৰা অপদস্থ হ’ব লগা হোৱা ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেদৰে মাৰণাস্ত্ৰ লৈ প্ৰৱেশ কৰাৰ ঘটনাৰ পাছতো বিজেপি নেতাগৰাকীক এই পৰ্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে আটক নকৰা বা আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য নকৰাত সাধাৰণ জনতাৰ মাজত এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে।
অৱশ্যে সততে বিতৰ্কৰ আৱৰ্তত থকা সুদামা পাণ্ডেৰ দৰে সাধাৰণ ৱাৰ্ড কমিশ্যনাৰ এজনক কি কাৰণত মাৰণাস্ত্ৰৰ প্ৰয়োজন সেয়া এতিয়া বহুতৰ বাবে লাখটকীয়া প্ৰশ্ন।