NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ডিমৌত আছুৰ উদ্যোগত চহিদ দিৱস পালন

December 11, 2017 1:27 pm · এন ই নাও নিউজ
Updated: December 11, 2017 1:36 pm

সমগ্ৰ অসমতে অসম আন্দোলনৰ চহিদ দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে শিৱসাগৰৰ ডিমৌতো কালি আছুৰ ডিমৌ আঞ্চলিকৰ দ্বাৰা চহিদ দিৱস পালন কৰা হয়। এই উদ্দেশ্যে লোৱা কাৰ্য্যসূচীত সন্ধিয়া ৫.৩০ বজাত ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ডিমৌ মহাবিদ্যালয় চৌহদৰ চহিদ বেদীত বন্তি প্ৰজ্বলন কৰি চহিদ সকলক সোঁৱৰে । অনুষ্ঠানত উপস্থিত থাকে ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক গৌতম বড়া সভাপতি দীপাংকৰ প্ৰতিম চেতিয়া আৰু শিৱসাগৰ জিলা ছাত্র সন্থাৰ কাৰ্যকৰী সদস্য আদিত্য শৰ্মা আৰু ডিমৌ আছুৰ বিষয় ববীয়াসকল।

Related News