ডিমৌৰ মচকৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা বাসগৃহত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি চলি আহিছিল চুৰি তেলৰ অবৈধ কাৰবাৰ। শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কালি নিশা চাৰিখন টেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত ধৰা পেলায়।
আৰক্ষীয়ে হাতে লোটে ধৰা পেলায় যদিও নিদ্ৰাৰত অৱস্থাত থকা সুৰেশ ৰায় নামৰ এজন টেংকাৰ চালকৰ বাহিৰে তেল চোৰ চক্ৰৰ বাকী সদস্যসকল পলাই যাবলৈ সক্ষম হয়।
ডিমৌ মচকৰাৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ প্ৰয়াত হৰেশ গোহাঁই নামৰ লোকজনৰ বাসগৃহৰ পৰা তেল চোৰ চক্ৰই এনেদৰে তেল চুৰ কৰি আহিছিল যদিও ৰহস্যজনকভাৱে ডিমৌ আৰক্ষীৰ চকুত পৰা নাছিল।
অৱশেষত কালি আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানৰ সময়ত তেল চোৰকেইজন আন্ধাৰৰ সুযোগত পলাই যায় যদিও এ এছ-০৭এ- ৪৩০৮, এ এছ-০৬এ চি-৪৮৩৭, এ এছ-০৭এ চি-৪৬৮১ আৰু এ এছ-২৩বি চি-৫৯৪৫ নম্বৰৰ ৪খন টেংকাৰ জব্দ কৰাৰ লগতে এজন চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইফালে, তেল চুৰি চক্ৰ লগত জড়িত এজনো লোকক আৰক্ষীয়ে এতিয়ালৈকে চিনাক্ত অথবা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
তেল চোৰৰ গুদামৰ পৰা আৰক্ষীয়ে দুটা ইলেক্ট্ৰনিক মটৰ, ৪০টাৰো অধিক ডিজেলভৰ্তি ড্ৰাম আৰু পাইপকে ধৰি বহু সামগ্ৰী জব্দ কৰে।