শিৱসাগৰ চহৰৰ সাংস্কৃতিক কৰ্মী তথা একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ একমাত্ৰ পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত হৈ আত্মহননৰ পথ বাছি ল’ব লগীয়া হোৱা হৃদয়বিদাৰক ঘটনাটোৰ প্ৰতিক্ৰিয়া তথা চাঞ্চল্য এতিয়াও অব্যাহত আছে।
বৃদ্ধ মাক-দেউতাকক প্ৰতিপালনৰ দায়িত্বক আওকাণ কৰাৰ অভিযোগ উঠা খাৰঘৰীয়া দম্পতীৰ একমাত্ৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়াক ধিক্কাৰ দিছে বিভিন্নজনে।
ঘটনাটোত প্ৰতিক্ৰিয়া কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও। বিশেষকৈ বৃদ্ধ মাক-দেউতাকৰ প্ৰতি সন্তানৰ দায়বদ্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে ‘প্ৰণাম’ বুলি এখন আইনৰ বাবে বিধেয়ক গ্ৰহণ কৰাৰ প্ৰসংগত দুয়োজনে এই মন্তব্য কৰে।
আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “‘প্ৰণাম’ৰ আওতাত অ’ এন জি চিৰ কৰ্মচাৰী নপৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱা হ’লে তেওঁলোকৰ সন্তানে শাস্তিৰ সন্মুখীন হ’ল হেঁতেন।”
তেওঁ লগতে “ৰজনী খাৰঘৰীয়াৰ বোৱাৰীয়েক ইয়াৰ আওতাত পৰে নেকি চাব লাগিব” বুলিও কয়।
ইয়াৰ উপৰি তেওঁ সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিশ্চয় তেনে দুৰ্ভগীয়া লোকক সহায় কৰিব পৰা যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
উল্লেখযোগ্য যে যোৱা বছৰৰ ছেপ্তেম্বৰতে অসম চৰকাৰে ‘প্ৰণাম’ নামেৰে এখন আইনৰ বাবে বিধেয়ক গৃহীত কৰিছিল, য’ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বৃদ্ধকালত পিতৃ-মাতৃক চোৱাচিতা নকৰিলে জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। বিধানসভাত উত্থাপিত এই বিধেয়কখনৰ প্ৰতি সকলো দলৰ বিধায়কে সমৰ্থন আগবঢ়াইছিল।
ইপিনে, ‘প্ৰণাম’ক সফল ৰূপ দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগীতা বিচাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ সমাজত মানৱীয় অনুভূতি অত্যন্ত দৰকাৰী বুলি কৈ চৰকাৰে শাসক-বিৰোধী সকলোৰে প্ৰতিনিধি, শিল্পী-সাহিত্যিক, চিন্তাবিদ, বুদ্ধিজীৱী, সাংবাদিক সকলোকে লৈ ৰাজ্যৰ ২১৯টা ব্লকত ৰাইজৰ মনত এটা সামাজিক চেতনা গঢ় দিয়াৰ প্ৰচেষ্টা ল’ব বুলি মন্তব্য কৰে।
আনহাতে, এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অভিভাৱকসকল অতিশয় পুত্ৰকেন্দ্ৰিক হোৱা বাবে এনে ঘটনা বাঢ়িছে বুলি মন্তব্য কৰে।
“আমি কন্যা সন্তানৰ প্ৰতি অৱহেলাৰ মনোভাৱ এৰিব লাগিব। কন্যাকো পুত্ৰৰ দৰে যথাযথ সন্মান দিলে এনে বৈষম্য দূৰ হ’ব আৰু এনে ধৰণৰ ঘটনা কিছু হ’লেও কমিব বুলি মোৰ দৃঢ় বিশ্বাস।” ৰঞ্জিত কুমাৰ দাসে কয়।
ইপিনে, ‘প্ৰণাম’ আইনখনৰ পৰিপ্ৰেক্ষিতত ঘটনাটো সন্দৰ্ভত তেওঁ কয়, “সমাজ ব্যৱস্থা কেৱল আইনেৰে পৰিৱৰ্তন কৰিব পৰা নাযায়। আইন কৰিলেই নহ’ব, আমাৰ পৰম্পৰাকো আমি ধৰি ৰাখিব লাগিব।” তেওঁ লগতে বৰ্তমানৰ প্ৰজন্মৰ বহুতেই পিতৃ-মাতৃ বা জ্যেষ্ঠজনৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শনত ত্ৰুটি কৰা দেখা যায় বুলিও মন্তব্য কৰে।