• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ দম্পতীৰ আত্মহত্যাৰ ঘটনা : ‘প্ৰণাম’ৰ আওতাত নপৰে অ’ এন জি চিৰ কৰ্মচাৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 2, 2018 8:53 pm
Rajani

সুদিনত ভূপেন হাজৰিকাৰ সৈতে ৰজনী খাৰঘৰীয়া।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ চহৰৰ সাংস্কৃতিক কৰ্মী তথা একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ একমাত্ৰ পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত হৈ আত্মহননৰ পথ বাছি ল’ব লগীয়া হোৱা হৃদয়বিদাৰক ঘটনাটোৰ প্ৰতিক্ৰিয়া তথা চাঞ্চল্য এতিয়াও অব্যাহত আছে।

বৃদ্ধ মাক-দেউতাকক প্ৰতিপালনৰ দায়িত্বক আওকাণ কৰাৰ অভিযোগ উঠা খাৰঘৰীয়া দম্পতীৰ একমাত্ৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়াক ধিক্কাৰ দিছে বিভিন্নজনে।

Apply Now

ঘটনাটোত প্ৰতিক্ৰিয়া কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও। বিশেষকৈ বৃদ্ধ মাক-দেউতাকৰ প্ৰতি সন্তানৰ দায়বদ্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে ‘প্ৰণাম’ বুলি এখন আইনৰ বাবে বিধেয়ক গ্ৰহণ কৰাৰ প্ৰসংগত দুয়োজনে এই মন্তব্য কৰে।

আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “‘প্ৰণাম’ৰ আওতাত অ’ এন জি চিৰ কৰ্মচাৰী নপৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হোৱা হ’লে তেওঁলোকৰ সন্তানে শাস্তিৰ সন্মুখীন হ’ল হেঁতেন।”

তেওঁ লগতে “ৰজনী খাৰঘৰীয়াৰ বোৱাৰীয়েক ইয়াৰ আওতাত পৰে নেকি চাব লাগিব” বুলিও কয়।

ইয়াৰ উপৰি তেওঁ সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিশ্চয় তেনে দুৰ্ভগীয়া লোকক সহায় কৰিব পৰা যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে যোৱা বছৰৰ ছেপ্তেম্বৰতে অসম চৰকাৰে ‘প্ৰণাম’ নামেৰে এখন আইনৰ বাবে বিধেয়ক গৃহীত কৰিছিল, য’ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বৃদ্ধকালত পিতৃ-মাতৃক চোৱাচিতা নকৰিলে জৰিমনাৰ ব্যৱস্থা কৰা হৈছে। বিধানসভাত উত্থাপিত এই বিধেয়কখনৰ প্ৰতি সকলো দলৰ বিধায়কে সমৰ্থন আগবঢ়াইছিল।

ইপিনে, ‘প্ৰণাম’ক সফল ৰূপ দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগীতা বিচাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ সমাজত মানৱীয় অনুভূতি অত্যন্ত দৰকাৰী বুলি কৈ চৰকাৰে শাসক-বিৰোধী সকলোৰে প্ৰতিনিধি, শিল্পী-সাহিত্যিক, চিন্তাবিদ, বুদ্ধিজীৱী, সাংবাদিক সকলোকে লৈ ৰাজ্যৰ ২১৯টা ব্লকত ৰাইজৰ মনত এটা সামাজিক চেতনা গঢ় দিয়াৰ প্ৰচেষ্টা ল’ব বুলি মন্তব্য কৰে।

আনহাতে, এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অভিভাৱকসকল অতিশয় পুত্ৰকেন্দ্ৰিক হোৱা বাবে এনে ঘটনা বাঢ়িছে বুলি মন্তব্য কৰে।

“আমি কন্যা সন্তানৰ প্ৰতি অৱহেলাৰ মনোভাৱ এৰিব লাগিব। কন্যাকো পুত্ৰৰ দৰে যথাযথ সন্মান দিলে এনে বৈষম্য দূৰ হ’ব আৰু এনে ধৰণৰ ঘটনা কিছু হ’লেও কমিব বুলি মোৰ দৃঢ় বিশ্বাস।” ৰঞ্জিত কুমাৰ দাসে কয়।

ইপিনে, ‘প্ৰণাম’ আইনখনৰ পৰিপ্ৰেক্ষিতত ঘটনাটো সন্দৰ্ভত তেওঁ কয়, “সমাজ ব্যৱস্থা কেৱল আইনেৰে পৰিৱৰ্তন কৰিব পৰা নাযায়। আইন কৰিলেই নহ’ব, আমাৰ পৰম্পৰাকো আমি ধৰি ৰাখিব লাগিব।” তেওঁ লগতে বৰ্তমানৰ প্ৰজন্মৰ বহুতেই পিতৃ-মাতৃ বা জ্যেষ্ঠজনৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শনত ত্ৰুটি কৰা দেখা যায় বুলিও মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd