NORTHEAST NOW (Assamese)

শিৱসাগৰৰ নিতাইপুখুৰীৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ হতাশাজনক ফল

July 17, 2018 8:05 pm · হিতোজ্জ্বল চেতিয়া

যোৱা ১৪ জুলাই তাৰিখে ঘোষণা কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলত এইবাৰ নিতাইপুখুৰী্ৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ শতকৰা হাৰ ৫৭.৬৯ শতাংশ।

মহাবিদ্যালয়খনৰ কলা শাখাৰ ১১ গৰাকী ছাত্র ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। অসমীয়া বিভাগত ১ গৰাকী, অৰ্থনীতি বিভাগত ১ গৰাকী, শিক্ষা বিভাগত ৬ গৰাকী, ইংৰাজী বিভাগত ১ গৰাকী, বুৰঞ্জী বিভাগত ২ গৰাকীসহ সৰ্বমুঠ ১১ গৰাকীযে প্ৰথম স্থান পায়।

আনহাতে আন আন বিভাগৰ ১৮ গৰাকী ছাত্র ছাত্ৰীয়ে দ্বিতীয় বিভাগ পাবলৈ সক্ষম হয়। মহাবিদ্যালয়খনৰ মুঠ ৫২ গৰাকী ছাত্র-ছাত্ৰীৰ ভিতৰত ৩০ গৰাকী উত্তীৰ্ণ হয়।

Related News