শিৱসাগৰ জিলাৰ ১৫৩০জন বেতন বঞ্চিত শিক্ষকে অহা ২৬ জুলাইত শিৱসাগৰ বৰপুখুৰীত সমূহীয়া আত্মজাহৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্ত প্ৰত্যহাৰ কৰিবলৈ অনুৰোধ জনাইছে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ শিৱসাগৰ শাখাই।
দলটোৱে লগতে চৰকাৰক তাৎক্ষণিকভাৱে এই বিষয়ত হস্তক্ষেপ কৰি বেতন বঞ্চিত শিক্ষকসকলৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি দিবলৈ দাবী জনাইছে। পূৰ্বৰ কংগ্ৰছ আৰু বৰ্তামানৰ বিজেপি চৰকাৰে এই সকল বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য বেতন প্ৰদানত কৰি অহা প্ৰতাৰণাৰ তীব্ৰ গৰিহণা দিছে চিপিআয়ে।
ইফালে ১৫৩০গৰাকী শিক্ষকৰ জীৱনলৈ অন্ধকাৰ নমাই অনা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, শিৱসাগৰ জিলা সমিতি। সংগঠনটোৰ সভাপতি আৰু সম্পাদকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উচ্চ ন্যায়ালয়ৰ গইনা লৈ ২০-২৫ বছৰ পূৰ্বে চাকৰিত যোগদান কৰি আজি পৰ্য্যন্ত কৰ্মৰত ১৫৩০গৰাকী বেতন বঞ্চিত শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ষাড়যন্ত্ৰ কোনো কাৰণত মানি লোৱা নহ’ব। অহা ২৬ জুলাইৰ পূৰ্বেই এইসকল শিক্ষকৰ সমস্যাসমূহৰ স্থায়ী সমাধান কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে।
উল্লেখ্য যে শিৱসাগৰ জিলাত ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ১৫৩০গৰাকীক চৰকাৰে অবৈধ ঘোষণা কৰিবলৈ যো-জা চলাইছে। এই কথা জানিব পাৰি হাহাকাৰ লাগে এই সকল বেতন বঞ্চিত শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত। সুদীৰ্ঘ ২০-২৫ বছৰ শিক্ষকতাৰ চাকৰি কৰাৰ পিছত হঠাৎ তেওঁলোকক অবৈধ ঘোষণা কৰিব লোৱা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই এইসকল বেতন বঞ্চিত শিক্ষকে।
১৯৯১আৰু ১৯৯৬ চনত চৰকাৰে দিয়া বিজ্ঞাপনৰ জৰিয়তে আৰু ট্ৰেজাৰি চালান জমা দি শিক্ষকৰ চাকৰিৰ বাবে আৱেদন কৰিছিল আৰু নিজৰ যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰিছিল বুলি দাবী কৰে এইসকল বেতন বঞ্চিত শিক্ষকে।
২০১২ চনলৈকে দৰমহা পাই থকা চৰকাৰী নিযুক্তি পত্ৰ লাভ কৰা আৰু চৰকাৰী বুনিয়াদী প্ৰশিক্ষণৰ প্ৰমান পত্ৰ থকা এইসকল শিক্ষকক সুদীৰ্ঘ ২০-২৫ বছৰ শিক্ষকতা কৰাৰ পিছত হঠাৎ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক জাননী জাৰি কৰি তেওঁলোকৰ চাকৰি কেনেকৈ বৈধ হয় তাৰ ব্যাখ্যা দিবলৈ নিৰ্দেশ দিছে। শিৱসাগৰৰ লগতে অসমৰ প্ৰায় ২৪খন জিলাৰ মুঠ ৯২৩৬গৰাকী শিক্ষকলৈ এই জাননী জাৰি কৰিছে চৰকাৰে।
চৰকাৰৰ এই হঠকাৰী কাৰ্য্যত মানসিকভাৱে ভাগি পৰি অহা ২৬ জুলাইত শিৱসাগৰৰ এই ১৫৩০গৰাকী শিক্ষকে পৰিয়ালসহ শিৱসাগৰ পুখুৰীত সমূহীয়া আত্মজাহ দিয়াৰ কথা ঘোষণা কৰে।