শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগত সংঘটিত হোৱা বিভিন্ন কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে অসম চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই।
উল্লেখযোগ্য যে অসম নৱ নিৰ্মাণ সেনা নামৰ এটা সংগঠনে শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়ৰ আশা কৰ্মীৰ জিৰণি কক্ষ নিৰ্মাণত ব্যাপক জালিয়াতি হোৱাৰ লগতে একাধিক উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি ২০১৪ চনতে দুৰ্নীতি নিবাৰক শাখাৰ তদন্ত বিচাৰি লিখিত অভিযোগ প্ৰদান কৰিছিল।
ফলত এই অভিযোগৰ ভিত্তিতে যোৱা দুদিন ধৰি দুৰ্নীতি নিবাৰক শাখাৰ এজন উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত তদন্ত চলোৱা হয়।
শুকুৰবাৰে দলটোৱে শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ আশা জিৰণি কক্ষ, নাজিৰাৰ ভকত গাঁও উপস্বাস্থ্য কেন্দ্ৰ, গেলেকী নপাম বাৰুৱতী উপস্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পাছত আজি গৌৰীসাগৰৰ ১ নং কলীয়ৰি আৰু ২নং কলীয়ৰি উপস্বাস্থ্য কেন্দ্ৰ লগতে হাবি-বনেৰে আবৰি ধৰা জাঁজী বলমীয়া প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰৰ অৰ্ধনিৰ্মিত গৃহ পৰিদৰ্শন কৰে।