NORTHEAST NOW (Assamese)

শিৱসাগৰ ডিমৌত ঐতিহাসিক মৈদামত চলিছে বেদখল : চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবীত স্মাৰকপত্ৰ চ’ৰগুৱা আটাছুৰ

February 13, 2018 6:51 pm · হিতোজ্বল চেতিয়া
ডিমৌৰ মৈদাম

শিৱসাগৰ ডিমৌৰ চ’ৰগুৱাত  থকা ঐতিহাসিক মৈদামত চলিছে বেদখল।

এই কীৰ্তিচিহ্নসমূহ  বেদখলমুক্ত কৰাৰ দাবীত আজি সদৌ অসম তাই-আহোম ছাত্ৰ সন্থাৰ চ’ৰগুৱা সমিতিয়ে অসম চৰকাৰৰ পুৰাতত্ব বিভাগ আৰু ডিমৌ ৰাজহ চক্ৰ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

‘১২ ফেব্ৰুৱাৰিত ঐতিহাসিক বৰ মৈদামৰ নিচেই কাষতে এজন ব্যক্তিয়ে এজোপা গছ কটা পৰিলক্ষিত হয়। মৈদামৰ অন্তৰ্গত উক্ত গছজোপা ব্যক্তিগৰাকীয়ে তেখেতৰ বুলি দাবী কৰিছে’, মৈদামটোত শেহতীয়াকৈ চলা বেদখল সন্দৰ্ভত এইদৰে মন্তব্য কৰে সংগঠনটোৱে।

চৰকাৰৰ এই সন্দৰ্ভত কোনো কাণসাৰ নোহোৱাৰ অভিযোগ তুলি তেওঁলোকে কয় যে চৰকাৰে কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰা বাবেই কিছুমান অসাধু ব্যক্তিয়ে এইদৰে মাটি দখল কৰিবলৈ লৈছে।

আটাছুৰ চ’ৰগুৱা সমিতিৰ উপ-সভাপতি বিজয় গগৈ আৰু যুটীয়া সম্পাদক অনুপম বৰগোহাঁই আৰু ভাস্কৰ কোঁৱৰে চৰকাৰক সকীয়াই কয়, ‘ইয়াৰ পাছতো যদি প্ৰশাসন আৰু চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা নকৰে তেন্তে সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।’

সংগঠনটোৱে দাবী কৰে যে উক্ত কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত তেওঁলোকে বহুদিনধৰি দাবী জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related News