সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ডিমৌ আঞ্চলিক সমিতিয়ে ডিমৌৰ দুটা অতি গুৰুত্বপূৰ্ণ পথ মেৰামতি কৰাৰ দাবীত তথা এটা পথত চলাচল কৰা গাড়ীসমূহে লোৱা অত্যধিক ভাড়া হ্ৰাস কৰাৰ দাবীত ২ জুলাই ২০১৮ তাৰিখৰ পৰা অনিৰ্দিষ্টকালৰ বাবে বন্ধৰ আহ্বান জনাইছিল যদিও ২ জুলাই তাৰিখে আছাৰ প্ৰতিষ্ঠা দিৱস কাৰ্য্যসূচী থকাৰ বাবে ২ জুলাইৰ পৰিৱৰ্তে ৩ জুলাই ২০১৮ তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন পথ বন্ধ কৰা হৈছে।
ডিমৌ চাৰিআলিৰ পৰা দিৰৈ সংযোগী জৰাজীৰ্ণ পথটো মেৰামতি কৰা, ডিমৌ চাৰিআলিৰ পৰা মহখুটি সংযোগী জৰাজীৰ্ণ পথৰ মেৰামতি, ডিমৌ চাৰিআলিৰ পৰা দিৰৈলৈকে গাড়ী ভাড়া হ্ৰাস কৰাৰ আদি কেইবাটাও দাবী জনাই ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত অনিৰ্দিষ্ট কালৰ বাবে পথ বন্ধৰ আহ্বান দিয়া হৈছে বুলি আছা ডিমৌ আঞ্চলিক সমিতিৰ সম্পাদক ললিত তাঁতীয়ে জনায়।