শীৰ্ষ বিষয়া জড়িত থকা চুপাৰি কেলংকাৰিৰ তদন্ত কৰিব অসম আৰক্ষীয়ে

betel-2-570x320

ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰা চোৰাং চুপাৰিভৰ্তি ট্ৰাক। ফটো : নৰ্থ ইষ্ট নাও

তামোলৰ ব্যৱসায়ী, শীৰ্ষ নিৰাপত্তা বিষয়া আৰু চোৰাং কাৰবাৰী জড়িত থকা শুকান চুপাৰি কেলেংকাৰিৰ তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। কেলেংকাৰিটোৰ তদন্তৰ বাবে অসম আৰক্ষীৰ এটি দল বৰাক উপত্যকালৈ যাবৰ বাবে সাজু হৈছে।

যোৱা ১৬ এপ্ৰিলত মহানগৰ আৰক্ষীয়ে বশিষ্ঠ থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহৰবাৰীত অবৈধভাৱে কঢ়িয়াই অনা তিনিখন শুকান চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে লগতে  ট্ৰাকৰ সৈতে আলতাফ হুছেইন, দিলোৱাৰ হুছেইন লস্কৰ, ইকবাল হুছেইন, ৰাজেন দাস, আবুল হুছেইন আৰু দেবু দাস নামৰ ছয় গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ মতে গ্ৰেপ্তাৰ কৰা বৰাক উপত্যকাৰ আটাইকেইজন লোকেই শুকান চুপাৰিৰ চোৰাং বেহাৰ লগত জড়িত।

এগৰাকী আৰক্ষী বিষয়াই কয় যে জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা এজন লোকে প্ৰকাশ কৰিছে যে ম্যানমাৰৰ পৰা শিলচৰ হৈ অনা শুকান চুপাৰি বৈধ নথি অবিহনে নিয়মিত বিভিন্ন ৰাজ্যলৈ সৰবৰাহ হৈ আছে।

সূত্ৰসমূহে জনোৱা মতে আৰক্ষীয়ে চোৰাং কাৰবাৰৰ চক্ৰটো উৎখাত কৰিবলৈ শিলচৰ, কৰিমগঞ্জ আৰু বদৰপুৰৰ বিভিন্ন স্থানত তালাচী অভিযান চলাব।

যোৱা ৩০ মাৰ্চত নৰ্থ ইষ্ট নাওত  প্ৰকাশিত এক আছুতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছিল এক বৃহৎ পৰিমানৰ অবৈধ শুকান চুপাৰি ( বেছিভাগেই থাইলেণ্ড আৰু ইণ্ডোনেচিয়া) কোনো ধৰণৰ আমদানি শুল্ক আদায় নিদিয়াকৈ ম্যানমাৰ হৈ ভাৰতত সৰবৰাহ হৈ আছে।

উক্ত প্ৰতিবেদনত কোৱা হৈছিল যে শুকান চুপাৰিৰ এই অবৈধভাৱে চলি থকা চোৰাং বেহাৰ বেছি অংশই মিজোৰামৰ জোখাৱথাৰ আৰু মণিপুৰৰ ম’ৰেৰ দুটা শুল্ক ষ্টেশ্যন অতিক্ৰম কৰিবলগীয়া হয়।

এই চোৰাং কাৰবাৰ সুৰক্ষা বাহিনী আৰু এনফ’ৰ্চমেন্ট এজেন্সিৰ বিষয়াসকলৰ সহযোগত চলি আহিছে।

ম্যানমাৰ হৈ চোৰাংভাৱে সৰবৰাহ হোৱা ট্ৰাক ভৰ্তি শুকান চুপাৰি গুজৰাট, ৰাজস্থান, নতুন দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ গুটকা উৎপাদন কাৰাখানাসমূহলৈ যায়।