NORTHEAST NOW (Assamese)

শুনানিত উপস্থিত নাথাকিল আলোচনাপন্থী আলফাৰ এজনো প্ৰতিনিধি : জিতেন দত্তৰ ক্ষোভ

May 7, 2018 11:27 pm · এন ই নাও নিউজ

কেন্দ্ৰৰ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সন্দৰ্ভত দেশবাসীৰ মতামত ল’বলৈ গঠন কৰি দিয়া যুটীয়া সংসদীয় সমিতিয়ে (জে পি চি) আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত লোৱা শুনানিত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দল-সংগঠন আৰু ব্যক্তিয়ে অংশ লয় যদিও তাৎপৰ্য্যপূৰ্ণভাৱে দেখা নগ’ল আলোচনাপন্থী আলফাৰ কোনো প্ৰতিনিধিক।

অসমীয়া ভাষা, জাতিৰ ভৱিষ্যতৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা বিধেয়কখনৰ বিৰোধিতাৰে আজি শতাধিক দল-সংগঠন আৰু কেইবা হাজাৰ নাগৰিকে জে পি চিৰ ওচৰত নিজৰ বিৰোধিতা লিখিত আৰু মৌখিক উভয় ৰূপত সাব্যস্ত কৰে। কিন্তু অসমৰ স্বাধীনতা আনিবলৈ বুলি প্ৰায় তিনি দশক ধৰি সশস্ত্ৰ বিদ্ৰোহ কৰা এইসকলক আজি গুৰুত্বপূৰ্ণ সংকটকালত অসমীয়াৰ কাষত দেখা নগ’ল।

চৰকাৰী পাৰিতোষিক, পৃষ্ঠপোষকতা লৈ, আৰামত খাই-বৈ জীয়াই থকাটোতে তেওঁলোকৰ সন্তুষ্টি নেকি বুলি আলোচনাপন্থী আলফালৈ প্ৰশ্ন কৰিছে বহুতে।

আনহাতে আলোচনাপন্থী আলফাৰে এজন জিতেন দত্তই আজি নিজৰ ছ’চিয়েল মিডিয়াৰ পোষ্টত নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এই নিৰ্লিপ্ততাৰ বাবে। নিজৰ পোষ্টত ‘সন্মানীয় অৰবিন্দ ৰাজখোৱা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, মিথিংগা দৈমাৰী, আৰু চিত্ৰবন হাজৰিকা মহাশয় আপোনালোক সাৰ পাই আছে নে এইদৰে শুই থাকিব’ বুলি এক প্ৰকাৰৰ কটাক্ষ কৰিছে একালৰ সতীৰ্থ নেতাজনে।

তাতকৈয়ো ক্ষুৰধাৰ বাক্যবাণেৰে তেওঁ কয়- “আজি শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, জাতীয় সংগঠন, সাধাৰণ জনগণ সকলো ওলাই আহি নাগৰিক সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিছে। কিন্তু আপোনালোকৰ দেখোন একো সাৰ-সুৰ নাই। জাতিটোৰ বাব গুলী কামুৰি শপত আপোনালোকে আমাক ল’বলৈ শিকোৱা নাছিল নে? হাজাৰ হাজাৰ যুবকক যুজঁ দি মৰিবলৈ আপোনালোকে উৎসাহ দিয়া নাছিল নে? এই সকলো কি ভুৱা আছিল নেকি?”

তেওঁ আৰু কয়, “আমাৰ আজি নিজক আলফা আলোচনা পন্থীৰ সদস্য বুলি ক’বলৈ লাজ লগা হৈছে। কি হৈছে আলোচনাৰ টেবুলত অসমৰ ৰাইজক জনাওক। নহ’লে আপোনালোকৰ এই কাপুৰুষালিৰ সমভাগী আমি নহওঁ। মনত ৰাখিব অসমৰ ৰাইজে কিন্তু আপোনালোকক ক্ষমা নকৰিব। যদি এই বিলখন গ্ৰহণ কৰিছে, তেন্তে আপোনালোকে আলোচনা ত্যাগ কৰক। দৰকাৰ হ’লে আকৌ হ’ব জাতি ৰক্ষাৰ স্বাৰ্থত তীব্ৰ গণ প্ৰতিৰোধ। জনগণে বিচাৰিলে ভংগ কৰিম যুদ্ধ-বিৰতি। চাৰ আপোনালোকৰ যদি সৎ-সাহস আছে আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে তেন্তে ওলাই আহক আলোচনা টেবুলৰ পৰা। নহ’লে আমি আপোনালোকৰ ওচৰৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ’ম। এইয়া আজি মোৰ মুকলি ঘোষণা।”

উল্লেখযোগ্য যে পূৰ্বতেও জিতেন দত্ত বিভিন্ন প্ৰসংগত সৰৱ হৈ আহিছে। ইয়াৰ আগতেও তেওঁক অসমীয়া জাতীয় স্বাৰ্থত যুদ্ধ বিৰতি ভংগ কৰি, পুনৰ অস্ত্ৰ তুলি ল’ম বুলি কেইবাবাৰো কোৱা দেখা গৈছে।

(উপৰোক্ত বক্তব্য জিতেন দত্তৰ ফেইচবুক একাউণ্টৰ টাইমলাইনৰ পৰা পোৱা গৈছে।)

Related News