নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থন জনাইছে শিলচৰৰ কমিটি অন কালচাৰ ফৰ পিচ এণ্ড ইন্টিগ্ৰিটি সংগঠনে। সোমবাৰে শিলচৰ প্ৰেছক্লাৱত সংবাদ মেল পাতি সংগঠনটোৰ অধ্যক্ষ এছ কমলাকান্ত সিংহই এই কথা জনায়।
তেওঁ কয় যে অসমৰ বৃহত্তৰ মণিপুৰী সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনাইছে। সম্প্ৰতি মণিপুৰী সাহিত্য পৰিষদ, মৈৰা পাইবি সংগঠন সহ মণিপুৰী সমাজৰ শীৰ্ষ সংগঠন সমূহ বিধেয়কখনৰ পক্ষত থিয় দিছে ।
ইতিমধ্যে জেপিচিৰ স’তে সাক্ষাৎকাৰ কৰিবলৈ সংগঠনৰ ফালৰ পৰা আমি আৱেদন জনাইছো। মণিপুৰী সকল বৃহত্তৰ হিন্দু ধৰ্মালম্বী লোকক লৈ এইখন দেশত বাস কৰিব বিচাৰে। ভাৰতবৰ্ষখন ধৰ্মীয় তথা দ্বিজাতি তত্ত্বত বিভাজন হৈছিল। এইক্ষেত্ৰত ধৰ্মৰ ভিত্তিত হিন্দু সকলক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত সমূহ নাগৰিকে বিধেয়কখন সমৰ্থন কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।
আনহাতে কালিৰ সংবাদ মেলত সংগঠনটোৰ পক্ষে ড° কে এন চাং সিংহ, অধিবক্তা শান্তনু নায়েক, কে এইচ ধীৰেন সিংহ, ড°এইচ ৰাজমণি সিংহ আৰু থৈবা সিংহই বিধেয়কৰ পক্ষত জোৰদাৰ সমৰ্থন জনায়। তেওঁলোকে কয়, মণিপুৰী সমাজৰ সমৰ্থন নাই বুলি এটা পক্ষই যি বিবৃতি দিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন।