NORTHEAST NOW (Assamese)

শেহতীয়াকৈ হোৱা বৰষুণৰ বাবে কাজিৰঙাত ১ মে’ৰ পৰা বন্ধ হ’ব এলিফেণ্ট ছাফাৰি

April 25, 2018 7:06 pm · উত্তম শইকীয়া

প্ৰতিকুল বতৰ আৰু বাৰিষাৰ আৰম্ভণিৰ লগে লগেই অহা ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে এলিফেণ্ট ছাফাৰি বন্ধ কৰা হ’ব বুলি বুধবাৰে বিভাগীয় জাননি জাৰি কৰা হৈছে ৷

ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়া স্বাক্ষৰিত এই বিভাগীয় জাননিত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশ বলৱৎ থাকিব বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ হোৱা বৰষুণৰ বাবে কাজিৰঙাত হাতী উদ্যান দৰ্শনত পৰ্যটকে সমস্যাৰ সন্মুখীন হৈছে ৷ অৱশ্যে জীপ ছাফাৰিৰে উদ্যান দৰ্শন এতিয়াও বন্ধ কৰা নাই উদ্যান কৰ্তৃপক্ষই ৷

উদ্যানখনৰ পথ সমূহ জীপ ছাফাৰিৰ বাবে উপযোগী হৈ থকালৈকে জীপ ছাফাৰি পৰ্যটকৰ বাবে চলি থাকিব বুলি জানিব পৰা গৈছে ৷

Related News