নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন কৰি তুলিলে ১৭ খন গাঁৱক। বিচ্ছিন্ন যাতায়াত যোগাযোগৰ ফলত এক নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে গাঁওবাসীৰ।
মাজুলীৰ ভকত চাপৰিৰ ১৭ খনকৈ গাঁৱৰ বিচ্ছিন্ন যোগাযোগ ব্যৱস্থাই কৃষিজীবি লোকসকলৰ জীৱন বিপন্ন কৰি তুলিছে। বৃহৎ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া বিদ্যালয়লৈ আহিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে।
অঞ্চলটোৰ সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়েই সুঁতিটো পাৰ হৈ আউনী আটী, কমলাবাৰী, জুগুনিধাৰী, বৰটানি আদিত থকা বিদ্যালয়সমুহলৈ পাঠ গ্ৰহণৰ বাবে আহিব লগা হয়। বৰ্তমান সুঁতিটোৱে অঞ্চলটো বিচ্ছিন্ন কৰি পেলোৱাত ছাত্ৰ ছাত্ৰী সকল মহা আহুকালৰ সন্মুখীন হৈছে।
জল পৰিবহন বিভাগেও ঘাটটোত কোনো নাও ডুনিৰ ব্যৱস্থা নকৰাত বিদ্যালয়লৈ আহিও আধা বাটৰ পৰা ঘৰলৈ উভতিব লগা হৈছে ছাত্ৰ ছাত্ৰী সকল।
মাজুলীৰ শইচৰ ভঁৰালস্বৰূপ ভকত চাপৰিৰ বৃহৎ অঞ্চলটোৰ ৰাইজে সুঁতিটোৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰিও আজিলৈকে কোনো সুফল লাভ কৰা নাই ।
প্ৰতিবছৰেই ৰাইজে গাঁঠিৰ ধন ভাঙি সুঁতিটোৰ ওপৰত অস্থায়ী বাঁহৰ দলং দি অহাৰ বিপৰীতে যোৱা বছৰ বিভাগৰ ফালৰ পৰা ৬৫ হাজাৰ ব্যয় সাপেক্ষে এখন বাঁহ-কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও সেইবছৰেই বানে দলং খন উটুৱাই নিয়াত পুনৰ অঞ্চলবাসী ভীষণ সমস্যাৰ সন্মুখীন হৈছে।
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এই বিপন্ন যাতায়াত অৱস্থাৰ পৰা পৰিত্ৰান বিচাৰি অঞ্চলবাসীয়ে বৃহত্তৰ স্বাৰ্থত সুঁতিটোৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছে। বৰ্তমান বিকল্প হিচাপে চৰকাৰীভাৱে ঘাটটো চলোৱাৰ ব্যৱস্থা কৰিবলৈও বিভাগক অনুৰোধ জনাইছে অঞ্চলবাসীয়ে ।