• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিষয়া, গল্পকাৰ কুলধৰ শইকীয়া হ’ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2018 7:22 pm
Kuladhar-Saikia

কুলধৰ শইকীয়াৰ ফাইল ছবি

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুলধৰ শইকীয়াক অসম আৰক্ষী ( Assam Police )ৰ নতুন সঞ্চালকপ্ৰধানৰূপে নিযুক্তি দিয়া হৈছে। ১৯৮৫ বৰ্ষৰ আই পি এছ শইকীয়া বৰ্তমান আৰক্ষীৰ আইন-শৃংখলা শাখাৰ বিশেষ সঞ্চালকপ্ৰধানৰূপে নিযুক্ত হৈ আছে। শইকীয়াই ২০১৯ চনত অৱসৰ ল’ব।

দিল্লী স্কুল অৱ ইকনমিক্স, পেনছিলভেনিয়া ষ্টে’ট ইউনিভাৰ্ছিটি, আই আই টি গুৱাহাটীৰ প্ৰাক্তন শিক্ষাৰ্থী শইকীয়া অসমীয়া সাহিত্যৰ এজন জনাজাত গল্পকাৰ। গল্পৰ স্বীকৃতি হিচাপে শইকীয়াই সাহিত্য একাডেমি বঁটাও লাভ কৰিছে।

Apply Now
Govt-order
অসম চৰকাৰৰ নিৰ্দেশটো

১৯৫৯ চনত জন্মগ্ৰহণ কৰা শইকীয়াই দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ উপাধি লোৱাৰ পিছত কিছুকাল দিল্লীৰ হিন্দু কলেজত অৰ্থনীতি বিষয়ৰ শিক্ষকতা কৰিছিল। ১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগ দিয়াৰ পূৰ্বে নতুন দিল্লীত পৰিকল্পনা আয়োগত ভাৰতীয় অৰ্থনৈতিক সেৱাৰ বিষয়া হিচাপে কাম কৰা শইকীয়াই ভাৰতীয় ৰে’লটো কিছুকালৰ বাবে ট্ৰেফিক সেৱা বিষয়া হিচাপে কাম কৰিছিল।

ফুলব্ৰাইট ফেল’ হিচাপে শইকীয়াই ২০০০-০১ চনত পেনছিলভেনিয়া ষ্টে’ট ইউনিভাৰ্ছিটিত ‘Leadership and Management and a Research Program on Community Development and management of resources’ শীৰ্ষক এক পাঠ্যক্ৰম অধ্যয়ন কৰিছিল। কিছুকালৰ বাবে তেওঁ বিশ্ব বেংকৰ পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।

ভিতৰুৱা জনজাতীয় গাওঁসমূহত সামাজিক অন্ধবিশ্বাস, অৰ্থনৈতিক বিচ্ছিন্নতা আৰু উগ্ৰপন্থাৰ বিৰুদ্ধে যুঁজাৰ বাবে আৰম্ভ কৰা ‘প্ৰজেক্ট প্ৰহৰী’ নামৰ সামাজিক উন্নয়নমুখী প্ৰকল্পৰ বাবে তেওঁ উচ্চ প্ৰশংসা লাভ কৰিছিল। আৰক্ষী সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট বৰঙনিৰ বাবে তেওঁ দুবাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছিল। গুৱাহাটী মহানগৰৰ আৰক্ষী মুৰব্বী হিচাপে ১৯৯৬ চনৰ জুলাইত তেওঁ নাগৰিক সমিতি নামে সামূহিক শান্তিৰক্ষী মডেলটো আৰম্ভ কৰিছিল।

অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান বাচনি আৰু নিযুক্তিৰ বাবে ষ্টে’ট ছিকিয়ৰিটি কমিছনে যোৱা সোমবাৰে ৰাজ্য চৰকাৰক কিছুসংখ্যক আৰক্ষী বিষয়াৰ নাম দাখিল কৰিছিল। বৰ্তমানৰ আৰক্ষী মুৰব্বী মুকেশ সহায়ে অহা ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব।

শইকীয়াৰ পৰিবাৰ লীনা শৰ্মাও অসমীয়া লেখিকা তথা ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া। শৰ্মা নতুন দিল্লীৰ ৰে’লৱে’ তথ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক। তেওঁলোকৰ একমাত্ৰ পুত্ৰই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত এম ফিল কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd